Breaking

কেঞ্চাৰৰ কাৰক জনছন এণ্ড জনছন:ভৰিব লাগিব ১৪৫০০ কোটি টকাৰ ক্ষতিপূৰণ

0 527

ন্যায়ালয়ৰ নিৰ্দেশনা, জনছন এণ্ড জনছন কোম্পানীয়ে ভৰিব লাগিব ১৪৫০০ কোটি টকাৰ ক্ষতিপূৰণ। কিয়নো এই কোম্পানীটোৰ সামগ্ৰী ব্যৱহাৰৰ ফলত বহু কেইগৰাকী মহিলা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। যাৰ বাবেই এই বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ ভৰিব লাগিব কোম্পানীটোৱে।

আমেৰিকাৰ ন্যায়লয়ে এই ক্ষতিপূৰণ ঘোষণা কৰিছে। এই ক্ষতিপূৰণৰ টকা সমূহ সেই সকল মহিলাক প্ৰদান কৰা হব , যি সকল মহিলাই এই জনছন এণ্ড জনছন কোম্পানীৰ পাউডাৰ আৰু অন্য সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে।

আৰম্ভণিতে আমেৰিকাৰ নিম্ন আদালতে কোম্পানীটোক ৪০০ কোটি ডলাৰ ক্ষতিপূৰণ দিয়াৰ বাবে ৰায়দান কৰিছিল। পিছলৈ কোম্পানীটোৱে কয় যে, নিম্ন আদালতে কোম্পানীক নিজৰ মত দাঙি ধৰাৰ বাবে কোনো অৱকাশেই নিদিলে।

যাৰ বাবে জনছন এণ্ড জনছন কোম্পানীয়ে পিছত উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হয়। আৰু উচ্চ ন্যায়লয়ে শুনানি প্ৰদান কৰি ক্ষতিপূৰণ ৪০০ কোটি ডলাৰৰ পৰা হ্ৰাস কৰি ১৪৫০০ কোটি টকা কৰে। এই সকলো টকা ২২ গৰাকী কেঞ্চাৰ আক্ৰান্ত মহিলাই লাভ কৰিব।

Leave A Reply

Your email address will not be published.