Breaking

গাঞ্জা সেৱনৰ অভিযোগত অভিযুক্ত কমেডিয়ান ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়া; নাৰ্কটিকছ ব্যুৰোৰ ২০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

0 62

এনচিবিৰ অভিযানত জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ বাসগৃহত উদ্ধাৰ হয়   ৮৬.৫ গ্ৰাম ভাং৷ এনচিবিৰ  বিষয়াসকলে জানিবলৈ দিয়া মতে ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া দুয়োজনেই গাঞ্জা সেৱন কৰিছিল।
গাঞ্জা সেৱনৰ এই গোচৰে  কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বাবে কিছু  আইনী জটিলতা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। তদুপৰি   দম্পতীহালৰ বিৰুদ্ধে ইতিমধ্যে আদালতত ২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে৷  উল্লেখ্য যে, ২০২০ চনতো  ড্ৰাগছৰ দুয়োকে  গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁলোক জামিনত  আছে।
ভাৰতী আৰু হাৰ্ষ লিম্বাচিয়া বৰ্তমান এটি  ছমহীয়া শিশু আছে। এনচিবিয়ে তেওঁলোকৰ আন্ধেৰীৰ বাসগৃহৰ  পৰা গাঞ্জা জব্দ কৰিছিল৷ দুয়োৰে বিৰুদ্ধে এনডিপিএছ আইনৰ ২০(খ)(ii)(ক)  ৮(গ) (ড্ৰাগছ ৰখা) আৰু ২৭ (ড্ৰাগছ সেৱন) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
কৌতুক অভিনেতা হিচাপে বৰ্তমান ভাৰতী আৰু হৰ্ষ বিশেষভাৱে জনপ্ৰিয়৷ বৰ্তমান দুয়োয়ে সাৰে গা মা পা শীৰ্ষক ৰিয়েলিটি শ্ব’টো পৰিচালনা কৰি আছে৷ ছ’চিয়েল মিডিয়াতো সক্ৰিয় এই দুয়োজন শিল্পী৷ গাঞ্জা সেৱন আৰু সংগ্ৰহৰ এই গোচৰে তেওঁলোকৰ এই সামাজিক জীৱনত বহু বিৰুপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে৷

Leave A Reply

Your email address will not be published.