Breaking

লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ অভিনেতা যতীন বৰাৰ বিৰুদ্ধে! এই সন্দৰ্ভত কি ক’লে অভিনেতাগৰাকীয়ে…

0 56

লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ অভিনেতা যতীন বৰাৰ বিৰুদ্ধে। এখন পোষ্টৰ আপলোড কৰাৰ পাছত সামাজিক মাধ্যমত অভিনেতাগৰাকীক উদ্দেশ্যি বিভিন্নজনৰ বিভিন্ন মন্তব্য। এই সন্দৰ্ভত আজি ৰাজগড়স্থীত মা ষ্টুডিঅ’ত এক সংবাদমেল সম্বোধন কৰে অভিনেতা যতীন বৰাই। যতীন বৰাই ক’লে-

‘সুদীৰ্ঘ ৬ টা বছৰৰ পাছত মই থিয়েটাৰলৈ আহিছোঁ। ২০২৪-২৫ বৰ্ষৰ ইতিহাস থিয়েটাৰৰ “মহাবীৰ লাচিত” নাটকখনৰ  আমাৰ এটাই উদ্দেশ্য লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। মই যতীন বৰাই আজি প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ পাছত আমি যিবোৰ নাটক কৰিম বা যিবোৰ পোষ্টাৰ ওলায় তাৰ আগমুহূৰ্তত  বিজ্ঞব্যক্তিৰ পৰামৰ্শ লৈ হে আমি কাম কৰিম। ৰাইজে যিবোৰ আঙুলিয়াই দিছে সেইবোৰ শুধৰণি কৰিম। যিখন পোষ্টাৰ ভাইৰেল হ’ল সেইখন অফিচিয়েল পোষ্টাৰ নাছিল।’

যিখন পোষ্টাৰ সামাজিক মাধ্যমত ওলাই গৈছে সেইখন আন অফিচিয়েল পোষ্টাৰ আছিল। আমি বহু কেইযোৰৰ পোছাক  পিন্ধাই পোষ্টাৰ বনাইছিলো, কিন্তু কেৱল এখন ফটো হে ভাইৰেল হ’ল। ২০১৬ চনৰ পৰা আহোম জনগোষ্ঠীৰ সাজ পোছাকলৈ কাম কৰি আছো। গহনা, পাগুৰিৰ উপস্থাপন বিজ্ঞজনৰ সৈতে আলোচনা কৰি ৰাজহুৱাভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰিম। এই মন্তব্য ক’ষ্টিউম ডিজাইনাৰ চাওঁচেং ৰাজকোঁৱৰৰ।

Leave A Reply