Breaking

অভিনেতা বিজয় শংকৰ শইকীয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল বিয়োগ…

0 220

পুৱাই এটা দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত বিজয় শংকৰ শইকীয়াৰ।

৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ তেজপুৰৰ বহু অনুষ্ঠানৰ সৈতে জড়িত অভিনেতাজনৰ। প্ৰয়াত অভিনেতা উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰ শইকীয়াৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছাঁ।

মৃত্যুৰ সময়ত শইকীয়াই দুই সন্তানৰ সৈতে এৰি থৈ যায় পত্নীক। মঞ্চ নাটকৰ লগতে বহুকেইখন অসমীয়া ধাৰাবাহিক, বোলছবিত অভিনয় কৰিছিল বিজয় শংকৰ শইকীয়াই। শেহতীয়াকৈ ‘ডাঃ বেজবৰুৱা ২’ বোলছবিত কৰিছিল অভিনয়।

Leave A Reply

Your email address will not be published.