Breaking

‘সাথ নিভানা সাথিয়া’ৰ গোপী বহুৱে দিলে সুখবৰ! অভিনেত্ৰী দেৱলীনা অতি সোনকালে হ’ব মাতৃ…

0 16

অৱশেষত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিলে গোপী বাহুৱে। অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি বহু ছবি শ্বেয়াৰ কৰিছে। এই ছবিসমূহত গোপীৰ সৈতে আছে তেওঁৰ।

‘সাথ নিভানা সাথিয়া’ ছবিখনত গোপী বহুৰ চৰিত্ৰত অভিনয় কৰা দেৱলীনাই অৱশেষত অনুৰাগীক সুখবৰ দিছে। দেৱলীনা গৰ্ভৱতী আৰু অতি সোনকালে মাতৃ হ’ব তেওঁ। ছচিয়েল মিডিয়াত ইখনৰ পিছত সিখনকৈ কেইবাখনো ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে। লগতে এটা বেবী বাম্পো দেখুৱাইছিল। ফটোকেইখনত অভিনেত্ৰীগৰাকীৰ মুখত স্পষ্টকৈ দেখা গৈছিল গৰ্ভধাৰণৰ উজ্বলতা।


এই ছবিসমূহৰ সৈতে এটা মৰমলগা কেপচন লিখি দেৱলীনাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘মই মাতৃ হোৱাৰ যাত্ৰা উপভোগ কৰি আছো। পঞ্চমৃত অনুষ্ঠান…! এই পৰম্পৰাত গৰ্ভৱতী মাতৃ আৰু সন্তানক মৰম দিয়া হয়। যাতে সন্তান আৰু মাতৃ দুয়োৰে স্বাস্থ্য সুস্থ হৈ থাকে আৰু দুয়ো সুখী হৈ থাকে আৰু জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হয়।

Leave A Reply

Your email address will not be published.