Breaking

কেন্সাৰৰ তৃতীয় পৰ্যায়ত অভিনেত্ৰী হিনা খান! বলিউদৰ বহু অভিনেত্ৰী এই মাৰাত্মক ৰোগৰ যুঁজত জয়ী হৈছে…

0 35

স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান! শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই জনাই তেওঁৰ বেমাৰৰ বিষয়ে। অভিনেত্ৰীগৰাকী স্তন কেন্সাৰৰ তৃতীয় পৰ্যায় এতিয়া চলি আছে। হিনাই কয় যে চিকিৎসা আৰম্ভ হৈছে।বৰ্তমান সময়ত কৰ্কট ৰোগ মহামাৰীলৈ পৰিণত হৈছে। ইয়াৰউপৰিও বলিউদৰ বহু অভিনেত্ৰী যুঁজি আছে এই মাৰাত্মক ৰোগত।কিছুদিন পূৰ্বে অভিনেত্ৰী মহিমা চৌধুৰীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ কথা প্ৰকাশ কৰিছিল। স্তন কেন্সাৰৰো ৰোগ ধৰা পৰিছিল। বিখ্যাত অভিনেত্ৰীগৰাকীয়ে এসময়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ইটোৰ পিছত সিটোকৈ চিনেমাৰ প্ৰস্তাৱ নাকচ কৰিছিল। কিন্তু তেওঁ নিজৰ যুঁজখন বন্ধ নকৰিলে। এফালে নিয়মীয়া চিকিৎসা আৰু আনফালে মানসিক শক্তি ব্যৱহাৰ কৰি তেওঁ এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে নিজকে জয় কৰিছিল।

অভিনেত্ৰী সোণালী বেন্দ্ৰে ২০১৮ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ কৰিছিল। তেওঁ মেটাষ্টেটিক কেন্সাৰত আক্ৰান্ত আছিল। অৱশ্যে তেওঁ নিজেই এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিভিন্ন অভিজ্ঞতা ছ’চিয়েল মিডিয়াত দাঙি ধৰে। কেন্সাৰ চিকিৎসাৰ বাবে নিউয়ৰ্কলৈ গৈছিল সোণালী।

অভিনেত্ৰী কিৰণ খেৰৰ এক প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰিছিল। এই কেন্সাৰ প্লাজমা কোষলৈ বিয়পে। অভিনেত্ৰীগৰাকীৰ স্বামী তথা অভিনেতা অনুপম খেৰে এই বিৰল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল। এই কেন্সাৰ শৰীৰৰ একাধিক হাড়ত থকা প্লাজমা কোষৰ জৰিয়তে বিয়পে। জটিল ৰোগত আক্ৰান্ত হৈও কিৰণে কাম বন্ধ নকৰিলে।

অভিনেতা আয়ুষমান খুৰানাৰ পত্নী তথা পৰিচালক তাহিৰা কাশ্যপ ২০১৮ চনত স্তন কেন্সাৰত আক্ৰান্ত হৈছিল। তেওঁ ছ’চিয়েল মিডিয়াত যুঁজৰ বিভিন্ন অভিজ্ঞতাক আলোকপাত কৰিছে। তাহিৰাই অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপিৰ পিছত নিজৰ এখন ছবিও শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীৰ এই পদক্ষেপে বহু কৰ্কট ৰোগীক সাহস দিলে।

বৰ্তমান হিনাও যুঁজি আছে এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে।

Leave A Reply