Breaking

বিয়া খাই অসুস্থ অভিনেত্ৰী জাহ্নৱী কাপুৰ! উঠিব পৰা নাই বিচনাৰ পৰা…

0 64

অসুস্থ অভিনেত্ৰী জাহ্নৱী কাপুৰ। বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, খাদ্য বিষক্ৰিয়াৰ বাবে জানহৱী অসুস্থ হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজকে অতি দুৰ্বল অনুভৱ কৰিছিল। ইমানেই দুৰ্বল আছিল যে বিচনাৰ পৰাও উঠিব পৰা নাছিল। ফলত তেওঁ কামত এসপ্তাহ পলম কৰিলে।

অভিনেত্ৰীগৰাকী ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰাৰ মতে বুধবাৰে জাহ্নৱীয়ে সকলো কাম বাতিল কৰিছিল। অসুস্থতাৰ বাবে এই গোটেই সপ্তাহটো তেওঁ কামৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। বৃহস্পতিবাৰে শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লয়। বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে, কিন্তু দুৰ্বলতা এতিয়াও আছে। আজি শুকুৰবাৰে অভিনেত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা হয়তো ঘৰলৈ উভতিব।


আম্বানীসকলৰ প্ৰতিটো অনুষ্ঠানতে অভিনেত্ৰীগৰাকীক বিশেষ সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল। কিন্তু বিয়াঘৰৰ পৰা উভতি অহাৰ পিছত তেওঁ অসুস্থ হৈ পৰিল।

Leave A Reply

Your email address will not be published.