অভিনেত্ৰী মৃদুলা বৰুৱা, জেপি দাসক জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা ২০২৩ প্ৰদান, ৰিয়ান পৰাগলৈও নিপন গোস্বামী বঁটা…

দেওবাৰে কাহিলিপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আৰ কে ইউনিভাৰ্চৰ অধ্যক্ষ কুন্তল কুমাৰ কৌশিক আৰু পৰিচালন সঞ্চালক ৰুণামণি কৌশিকৰ উদ্যোগত সন্ধিয়া ৬:৩০বজাৰ পৰা অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান৷ এই অনুষ্ঠানত মুঠ ৩১গৰাকী ব্যক্তিক বঁটা আগবঢ়োৱা হয়৷ অসমৰ এগৰাকী বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ গৰিমা আৰু স্মৃতিক চিৰ সজীৱ কৰি ৰখাৰ মানসৰে আৰ কে ইউনিভাৰ্চ নামৰ সংস্থাটোৱে ২০২৩ বৰ্ষৰ বাবে মুখ্যতঃ চলচ্চিত্ৰ আৰু সংগীত,নাটকৰ লগতে ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি মানৱ কল্যাণমূলক সেৱাসমূহলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক নিপন গোস্বামী জীৱন জোৰা সাধনা বঁটা, নিপন গোস্বামী বঁটা আৰু নিপন গোস্বামী স্বীকৃতি বঁটা ৰূপে এলানি বঁটা আগবঢ়ায় বুলি সংস্থাটোৰ উদ্যোক্তা সকলে জানিবলৈ দিছে৷


দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ বঁটাসমূহ নিৰ্বাচন কৰিবলৈ এইবাৰো এক বিশেষ নিৰ্বাচনী কমিটি গঠন কৰা হৈছিল । কমিটি খনত আছিল জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক শিৱাণু বৰা, অভিনেতা তথা সংগীত পৰিচালক ভগৱত প্ৰীতম দত্ত,অভিনেতা পৰিচালক দীপক ৰয় আৰু অভিনেতা মিণ্টু বৰুৱা। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ তথ্য আয়ুক্ত তথা অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত,বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী,ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা ৷অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে সাহিত্যিক স্বপ্নালী মহন্ত,প্ৰশাসনিক বিষয়া মণিতা বৰগোহাঁই, চলচ্চিত্ৰ সমালোচক উৎপল দত্ত উপস্থিত থাকে৷ দেওবাৰে অনুষ্ঠানত নিপন গোস্বামীৰ পুত্ৰ অভিনেতা সিদ্ধাৰ্থ গোস্বামী,বোৱাৰী কিংকিনী গোস্বামীৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকলৰ উপস্থিতিত সংস্থাটিয়ে অভিনয়ৰ ক্ষেত্ৰত জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা ২০২৩ মৃদুলা বৰুৱাক আৰু সংগীতৰ ক্ষেত্ৰত
জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা জে পি দাসক প্ৰদান কৰে৷ সংবাদ সেৱাৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে নিপন গোস্বামী বঁটা অতনু ভূঞালৈ আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিশেষ অৱদানৰ বাবে ৰিয়ান পৰাগলৈ নিপন গোস্বামী বঁটা২০২৩ আগবঢ়োৱা হয়৷ সেইদৰে আন আন ক্ষেত্ৰৰ নিপন গোস্বামী স্বীকৃতি বঁটাসমূহো আজি গুৱাহাটীৰ জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হয়৷

বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰী,ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা,যুৱ উদ্যোগী দিপাংকৰ বৰ্মনক প্ৰদান কৰা হয় নিপন গোস্বামী স্বীকৃতি বঁটা ২০২৩৷সেইদৰে অভিনেতা অৰুণ নাথ(ৰঘুপতি) ,চিন্ময় কটকী(ৰাঘৱ)হেমন্ত দেৱনাথ(ৰঙাটাপু ১৯৮২),সিদ্ধাৰ্থ শৰ্মা(ৰঘুপতি),অভিজিত দাস(তৰা’ছ হাজবেণ্ড), চলচ্চিত্ৰ পৰিচালক ৰীমা দাস(তৰা’ছ হাজবেণ্ড) পৰিচালক মঞ্জুল বৰুৱা(অনুৰ)সংগীত পৰিচালক তৰালী শৰ্মা(অনুৰ,মমতাৰ চিঠি) অভিনেত্ৰী ক্ৰমে ডা° জাহানাৰা বেগম(অনুৰ) , কল্পনা কলিতা(ৰঙাটাপু১৯৮২), প্ৰিয়ম পল্লৱী(ৰঘুপতি),নৱাগতা অভিনেত্ৰী বিদ্যা ভাৰতী( অনুৰ)য়ে লাভ কৰে নিপন গোস্বামী স্বীকৃতি বঁটা৷সেইদৰে প্ৰযোজক ডা° গোপেন্দ্ৰ মোহন দাস (অনুৰ),পৰিচালক সুব্ৰত কাকতি(ৰঘুপতি) নৱাগত অভিনেতা নিৰুপম শইকীয়া(দি শ্লেমবুক) শিশু শিল্পী প্ৰেৰণা তালুকদাৰ(মমতাৰ চিঠি),কণ্ঠশিল্পী ৰূপম ভূঞা(অনুৰ,এটি নক্ষত্ৰ),গায়িকা মিনাৰ্ভা বড়া( দি শ্লেমবুক), প্ৰডাকছন ডিজাইনাৰ নৱনীতা শৰ্মা(ৰাঘৱ),নৱাগত পৰিচালক আদিত্যম শইকীয়া(ৰঙাটাপু১৯৮২), জনপ্ৰিয় ছবিৰ শিতানত প্ৰযোজক শৈলেন শৰ্মা(ৰঘুপতি),চিনেমেটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰী(ৰাঘৱ),সাজসজ্জা শিল্পী লিনা শইকীয়া(ৰঙাটাপু১৯৮২)শিশু লেখিকা চান্দনিকা চৌধুৰীক প্ৰদান কৰা হয় নিপন গোস্বামী স্বীকৃতি বঁটা ২০২৩৷ বঁটা প্ৰদান অনুষ্ঠানটিত নিপন গোস্বামীক সশ্ৰদ্ধ সোঁৱৰণ কৰি কেইবাটিও গীত নৃত্য পৰিবেশন কৰা হয়৷

Related Articles