Breaking

Prastuti Parasar: চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী, চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাইঃ প্ৰস্তুতি পৰাশৰ

44

এটা প্ৰায় কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰীৰ মূল খল নায়িকা হিচাবে এতিয়া নাম উচ্চাৰিত হৈছে অভিনেত্ৰী চুমি বৰাৰ। চুমি বৰা বৰ্তমান পলাতক। ডিব্ৰুগড়ত চুমিৰ সহযোগী বুলি অভিযোগ উত্থাপন হোৱা বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ঘটনাৰ মূল খলনায়িকা চুমি বৰাই গুৱাহাটীত আৰক্ষীৰ নাকৰ তলেৰেই আত্মগোপন কৰিবলৈ সক্ষম হ’ল। হঠাতে বতাহৰ লগত মিলি যোৱা চুমি বৰাৰ কোনো সন্ধানেই উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বাহিনীয়ে। (Sumi Borah)

আনহাতে অসমৰ বহু গায়ক, অভিনেতা-অভিনেত্ৰী ট্ৰেডিঙৰ সৈতে জড়িত থকা বুলি সামাজিক মাধ্যমত চৰ্চাত হৈছে। আনকি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ট্ৰেডিং বিতৰ্কৰ সৈতে জড়িত থকা বুলি তেওঁৰ নাম উত্থাপন কৰিছিল একাংশ সংবাদ মাধ্যমে।(actress prastuti porasor clarification)

সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান চলি থকা ট্ৰেডিং বিতৰ্কৰ লগত একাংশ সংবাদ মাধ্যমে মোৰ নাম সাঙুৰি মইও ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে, যিয়ে আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে। চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী। বিগত দুটা বৰ্ষত এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে চুমিয়ে আৱাহন থিয়েটাৰৰ কেৱল দুটি গীতৰ নৃত্য পৰিচালনা কৰিছে। তাৰ বাহিৰে চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই লগতে বিশাল নামৰ যুৱক জনৰ লগত মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে কেতিয়াও সংস্পৰ্শলৈ অহা নাই। আশ্চৰ্য্যজনকভাৱে সংবাদ মাধ্যমৰ যোগেদিহে ল’ৰাজন চুমিৰ ভাতৃ বুলি জানিব পাৰিছোঁ।

এগৰাকী বাণিজ্য বিভাগৰ শিক্ষাৰ্থী হিচাপে ট্ৰেডিং আৰু সহজলভ্য বিনিয়োগৰ বিষয়ে মই ভালকৈয়ে অৱগত। লগতে এনেধৰণৰ Unauthorized Trading ত Invest কৰাৰ পক্ষপাতী মই কেতিয়াও নহয়। মই কষ্টত বিশ্বাসী ব্যক্তি। অভিনয় ক্ষেত্ৰ খনৰ প্ৰচাৰ আৰু প্ৰসাৰতে ব্ৰতী হৈ থাকি আপোনালোকৰ আশীৰ্বাদত এইবৰ্ষৰ ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে আমাৰ ৩০০ জনীয়া পৰিয়ালটোক ইতিমধ্যে অগ্ৰসৰ কৰিছোঁ। কিন্তু সম্প্ৰতি এনেবোৰ অপপ্ৰচাৰে জনমানসত আমাক হেয় প্ৰতিপন্ন কৰাৰ লগতে মানসিকভাৱেও ব্যতিব্যস্ত কৰি তুলিছে। গতিকে সচেতন সমাজৰ যিসকল ব্যক্তিয়ে মোৰ ওপৰত এই অভিযোগ তুলিছে, তেওঁলোকৰ বাবে এটাই স্পষ্টীকৰণ দিব খোজোঁ যে এই অমান্য বিনিয়োগ ব্যৱস্থাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু মই কেতিয়াও ইয়াৰ প্ৰচাৰক সমৰ্থন জনোৱা নাই।

কষ্টৰ ফল আৰু ইজি মানিৰ পাৰ্থক্য মই ভালকৈয়ে জানোঁ। গতিকে অনাহকত মোক এই বিতৰ্কৰ আওঁতালৈ আনিব খোজা একাংশ সংবাদ মাধ্যমৰ যিসকলে এই কেলেংকাৰীত জড়িত ব্যক্তিৰ তালিকাখন আৰক্ষীৰ ফালৰ পৰা অহা বুলি দাবী কৰিছে, য’ত মোৰ নামো প্ৰকাশ পাইছে, সেই তালিকাখন ২৪ ঘন্টাৰ ভিতৰত পূৰ্ণ প্ৰমাণ সহকাৰে তথা মান্য নথিপত্ৰৰে আমাৰ আগত দেখুৱাবলৈ আহ্বান জনাইছোঁ, অন্যথা মই আইনৰ ওচৰ চাপিবলৈ বাধ্য হ’ম। অৱশেষত সকলো শুভাকাংক্ষী তথা ৰাইজক এনেধৰণৰ ভুৱা বাতৰিক বিশ্বাস নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ।

লগতে পঢ়কঃ Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ

ইয়াৰউপৰিও অভিনেতা যতীন বৰা, কণ্ঠশিল্পী নীলাক্ষি নেওগ, মণ্টুমণি শইকীয়া, দিপলীনা ডেকা নামো চৰ্চালৈ আহিছে।

published by: munmi gogoi

Comments are closed.