Breaking

Online Trading Scam: গুৱাহাটীত কণ্ঠশিল্পী দীক্ষুৰ ঘৰত লুকাই আছিল চুমি আৰু তাৰ্কিক…

109

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ  অভিনেত্ৰী চুমি বৰা ঘটনা সন্দৰ্ভত মুখ খুলিছে গায়ক দীক্ষুৱে। দীক্ষুৰ ঘৰত লুকাই আছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। এই কথা সংবাদ মাধ্যমক জনালে গায়ক দীক্ষুৱে। দীক্ষুৱে সংবাদ মাধ্যমক কয় যে চুমি বৰা আৰু তাৰ্কিক মঙলবাৰে তেওঁলোকৰ ঘৰলৈ আহিছিল। আমাৰ ঘৰত থাকোতেই তাৰ্কিকলৈ ফোন আহিছিল আৰক্ষীৰ। তাৰ পিছতে আমাৰ ঘৰৰ পৰা ওলাই গৈছে দুয়ো। (sumi borah and tarkik borah went to singer dikshu house)

মঙলবাৰে দিনৰ ১ বজাত দীক্ষুৰ নিউ গুৱাহাটীৰ গণেশ নগৰৰ ঘৰলৈ গৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা। নিশা ১২ বজাৰ পিছত দীক্ষু ঘৰৰ পৰা ওলাই গৈছিল দুয়ো।(sumi borah)

তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা

আনহাতে তদন্তৰ আওতালৈ আহিব পাৰে চুমি বৰাৰ স্বামী তাৰ্কিক বৰা। শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰিছে বুলি খবৰ ওলাইছে। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী।(Online Trading Scam)

লগতে পঢ়কঃ Online Trading Scam: তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা!

published by : munmi gogoi

Comments are closed.