বেলশৰ বিল্বেশ্বৰ দেবালয়ৰ দলৈৰ সংবাদ মেল সম্বোধন

অসম তথা উত্তৰ পূৱ ভাৰতৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ক কিছুমান মনেসজা আৰু ভিত্তিহীন অভিযোগ ৰাজহুৱাভাৱে প্ৰকাশ কৰি শক্তিপীঠ খনক কলংকিত কৰাৰ ব্যথা চেষ্টা কৰা হৈছে ৷ এই অভিযোগ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ ৷ নিয়মীয়া বাৰ্তাকে ধৰি একাংশ ছপা মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত কালি  সন্ধিয়া পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই এক সংবাদ মেল সম্বোধন কৰি প্ৰকাশিত বাতৰিত প্ৰকাশ পোৱা অভিযোগৰ কোনো  কথাৰ লগত দলৈ মিশ্ৰ তথা বিল্বেশ্বৰ দেৱালয় পৰিচালনা সমিতি জড়িত নহয় ৷ সংবাদ মেলত বিল্বেশ্বৰ দেৱালয় চৌহদত আৰু দেৱালয়ৰ ভুমিত যি বিলাক চৰকাৰি আঁচনি ৰূপায়িত হৈছে সেই বিলাক চৰকাৰি নীতি নিয়মৰ মাজেৰে নিবিদাৰ ভিত্তিত আঁচনিৰ কাম ৰূপায়ন হৈছে ৷ আঁচনি সমুহৰ কামৰ কাৰনে দেৱালয় পৰিচালনা সমিতিৰ বেংক একাউন্ট ব্যৱহাৰ হোৱা নাই ৷ বাতৰিত উল্লেখ কৰা ধৰণে দেৱালয়ত ৩০ লাখ টকাৰ কোনো বেল গছৰ পুলি ৰোপনৰ আচনি ৰূপায়ন হোৱা নাই ৷  পঞ্চায়তৰ জৰিয়তে এম জি এনৰেগা আঁচনিৰ অধিনত ৩ লাখ টকাৰ বেল গছৰ পুলি ৰোপন কৰাৰ কাম এটাহে হৈছিল ৷ আনহাতে ৰঞ্জিত মিশ্ৰ এগৰাকী অভিনেতা, নাট পৰিচালক হোৱাৰ কাৰনেহে শিল্পী পেঞ্চন লাভ কৰিছে ; দেৱালয়ৰ দলৈ হিচাবে মিশ্ৰই শিল্পী পেঞ্চন লাভ কৰা নাই ৷ দেৱালয়ৰ বাতৰিৰ লগত ৰঞ্জিত মিশ্ৰৰ ব্যাক্তিগত জীৱনক সাঙোৰাটো বৰ দুৰ্ভাগ্যজনক বুলি সংবাদমেলত উল্লেখ কৰে ৷ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ; দেৱালয় পৰিচালনা সমিতিৰ সদস্য দীলিপ মেনা; দেৱালয়ৰ মূখ্য পুজাৰী ৰাতুল শৰ্মাই সম্বোধন কৰা সংবাদমেলত দলৈ মিশ্ৰই দেৱালয় খনক বদনামি কৰাৰ প্ৰয়াসৰে প্ৰকাশ কৰা বাতৰিৰ আৰত দেৱালয় খনৰ প্ৰাক্তন দলৈ বসন্ত মিশ্ৰ জড়িত থকাৰো অভিযোগ কৰে ৷ ৰঞ্জিত মিশ্ৰই প্ৰাক্তন দলৈ বসন্ত মিশ্ৰ দেৱালয়ৰ ১৮ লাখ টকাৰ কেলেংকাৰীত সাঙোৰ খাই তেওঁ আদাতলৰ বিচাৰাধীনহৈ আছে বুলিও উল্লেখ কৰে ৷ পূৰ্বৰ দলৈ গৰাকীয়ে দেৱালয়ৰ সেই সময়ৰ হিচাব দাখিল কৰিব নোৱাৰা কাৰনে ৰঞ্জিত মিশ্ৰই হিচাব দাখিল কৰিব পৰা নাই বুলিও কয় ৷ সংবাদ মেলত দেৱালয় দলৈ ৰঞ্জিত মিশ্ৰই বাতৰিত উল্লেখ কৰা সকলো অভিযোগত তেও জড়িত থকাৰ আৰু দেৱালয় পৰিচালনা সমিতি জড়িত থকাৰ সত্য প্ৰমানিত কৰিবলৈ প্ৰত্যাহ্বান জনাই  প্ৰমান দিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও কয় ৷ কোনো তথ্য প্ৰমান নহোৱাকৈ ইতিহহাস প্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ক বদনাম কৰাৰ কাৰনে উদ্দেশ্য প্ৰনোদিত ভাবে বাতৰি পৰিৱেশন নকৰিবলৈ সকিয়াই দিয়ে 

Related Articles