Breaking

Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন

23

এণ্টাৰটেইনমেণ্ট ডেস্ক, ১৬ ছেপ্তেম্বৰ: জনপ্ৰিয় অভিনেত্ৰী অদিতি ৰাও হায়দাৰী আৰু তামিল, তেলেগু আৰু হিন্দী চলচ্চিত্ৰৰ খ্যাতনামা অভিনেতা সিদ্ধাৰ্থে আজি আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়(Aditi Rao-Siddharth Wedding) । দুয়ো এই বিবাহ সম্পন্ন কৰিলে তেলেংগানাৰ ৱানাপাৰ্টি জিলাৰ ৪০০ বছৰীয়া পুৰণি এটা মন্দিৰত(400-year-old temple in Wanaparthy) ।

এই ঐতিহাসিক মন্দিৰত আয়োজিত অন্তৰংগ অনুষ্ঠানটিত উপস্থিতি আছিল দুয়োৰে মাত্ৰ কেইগৰাকীমান নিকট আত্মীয় আৰু বন্ধুবৰ্গ । এই নৱ দম্পত্তিয়ে সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ ফটোসমূহ শ্বেয়াৰ কৰি এই শুভ অনুষ্ঠানটিৰ কথা উল্লেখ কৰে।

ইনষ্টাগ্ৰামত(Instagram) তেওঁলোকৰ শুভমুহূৰ্তৰ ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে, “You are my Sun, my Moon, and all my Stars…To being Pixie Soulmates for eternity…to laughter, to never growing up…To Eternal Love, Light & Magic. Mrs & Mr Adu-Siddhu.”

বিবাহৰ দিনা অদিতিয়ে(Aditi Rao Hydari) পৰিধান কৰিছিল ইণ্টিক্ৰেইট ডিটেইলিং থকা এখন সোণালী শাড়ী, য’ত সুৱৰ্ণৰ এক সূক্ষ্ম কৰ্মশৈলীৰ ডিজাইন কৰা আছিল। অন্যহাতে, সিদ্ধাৰ্থে পৰিধান কৰিছিল এটা বগা কুৰ্তা আৰু ধুতি, যিয়ে তেওঁক উজ্জ্বল কৰি তুলিছিল।

View this post on Instagram

A post shared by Aditi Rao Hydari (@aditiraohydari)

ইয়াৰ পূৰ্বে, এই দম্পত্তিয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁলোকৰ এংগেজমেণ্টৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। অদিতিয়ে ইনষ্টাগ্ৰামত লিখিছিল, “He said yes! E. N. G. A. G. E. D.,”

View this post on Instagram

A post shared by Aditi Rao Hydari (@aditiraohydari)

ইয়াৰ উত্তৰত সিদ্ধাৰ্থই(Siddharth) লিখিলে এইদৰে, “She said yes.”

ৱৰ্ক ফ্ৰণ্টত অদিতি ৰাও হাইদাৰীক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালী(Sanjay Leela Bhansali)ৰ ধাৰাবাহিক হীৰামণ্ডিত। চলিত মাহৰ আৰম্ভণিতে নেটফ্লিক্সত এই ধাৰাবাহিকখনৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ উপৰিও অদিতি ৰাও অভিনয় কৰিছে অজিব দাস্তানছ, দিল্লী ৬, বাজীৰাও মস্তানী আদিকে ধৰি বহুকেইখন ছবিত ।

আনহাতে সিদ্ধাৰ্থই কেইবা দশকজুৰি তামিল, তেলেগু আৰু হিন্দী ভাষাৰ ছবিত কৰা অভিনয়েৰে এক আকৰ্ষণীয় কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। নুভোষ্টানেণ্টে নেনোডান্টানা, ৰং দে বাছন্টি, বম্মাৰিলু, ষ্ট্ৰাইকাৰ আৰু আনগানাগা অ’ ধীৰুডু আদি ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বহুলভাৱে লাভ কৰিছে স্বীকৃতি ।

Comments are closed.