এবছৰ দুবছৰৰ নহয়। পঞ্চাশ বা এশ বছৰো নহয়। তিনিশ বছৰ গৰকা এটা মছজিদ। সগৌৰবে থিয় দি আছিল ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত। পথাচাৰী কিম্বা পৰ্যটকে হেপাহ পলুৱাই দৰ্শন কৰি প্ৰাৰ্থনা কৰিছিল। আছিল তিনিশ বছৰীয়া পুৰণি মছজিদ টো সেই স্হানত নাই।
কোনো কালে দেখা নাপাব মছজিদটো। মাথো আজি এক জীয়া স্মৃতি হৈ ৰব এই মছজিদটো। হয়। উত্তৰপ্ৰদেশৰ পানীপথৰ ৰাষ্ট্ৰীয় ঘাই পথত সগৌৰবে থিয় হৈ থকা তিনিশ বছৰীয়া মছজিদটোত পৰিল প্ৰশাসনৰ বুলড’জাৰ। চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল মছজিদটো।
ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ বাবে কেইবাবাৰো জাননী দিয়াৰ পিছতো স্হানীয় ৰাইজে কোনো ব্যৱস্হা গ্ৰহন কৰা নাছিল। শেহতীয়াকৈ প্ৰশাসনে বাধ্য হৈ মছজিদটো ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে। প্ৰশাসনে প্ৰগতি আৰু উন্নয়নৰ স্বাৰ্থত সকলোৰে সহযোগত তিনিশ বছৰীয়া মছজিদটো ভাঙি পেলোৱাৰ বিষয়ে সদৰি কৰে সংবাদ মাধ্যমত।