Breaking

ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলড’জাৰ! চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছিল কেন্দ্ৰীয় কাৰ্যালয়…

0 22

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ তাদেপল্লী মণ্ডলৰ সীতানগৰত থকা ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ৰ বাবে অবৈধভাৱে নিৰ্মাণ কৰি থকা অট্টালিকাটো ভাঙি পেলায় বিষয়াসকলে। জল আৰু নিষ্কাশন বিভাগৰ মাটিত নির্মাণ কৰি আছিল দলীয় কার্যালয়৷ এই ঠাইখন আগতে চৰকাৰে নাও চলাচলৰ বাবে ব্যৱহাৰ কৰিছিল। এই অবৈধ নিৰ্মাণৰ বাবে চি আৰ ডি এয়ে ৱাই এছ আৰ চি পিলৈ জাননী জাৰি কৰিছিল। জাননীৰ সঠিক সঁহাৰি নিদিয়াৰ বাবে বিষয়াসকলে ভৱনটো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। জলসিঞ্চনৰ ভূমিত দলীয় কাৰ্যালয়ৰ বাবে অবৈধ নিৰ্মাণৰ কাম ভাঙিলে এম টি এম চিৰ বিষয়াসকলে। প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনে তাদেপল্লীত ২ একৰ জলসিঞ্চনৰ ভূমি দলীয় কাৰ্যালয়ৰ বাবে আবণ্টন দিছিল। ৱাই এছ আৰ চি পিৰ নেতাসকলে ২ একৰ মাটিত দলীয় কাৰ্যালয় ভৱন নিৰ্মাণ কৰি বাকী ১৫ একৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। কিন্তু জলসিঞ্চন বিভাগে মাটিৰ দখল ৱাই এছ আৰ চি পিক গতাই দিবলৈ সন্মত নহ’ল। চি আৰ ডি এ, এম টি এম ই আৰু ৰাজহ বিভাগে এই মাটি ৱাই এছ আৰ চি পিক গতাই দিয়া নাছিল।


আনকি কাৰ্যালয় নিৰ্মাণৰ বাবেও আবেদন কৰা নাছিল ৱাই এছ আৰ চি পিয়ে। ৱাই এছ আৰ চি পিয়ে জলসিঞ্চনৰ ভূমি বেদখল কৰি কোনো অনুমতি অবিহনে কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰে। টিডিপি গুণ্টুৰ জিলাৰ সাধাৰণ সম্পাদক পোথিনেনী শ্ৰীনিবাস ৰাৱে ৱাই এছ আৰ চি পিৰ বেদখলৰ অভিযোগ উত্থাপন কৰে। তেওঁ চি আৰ ডি এ আৰু এম টি এম চিৰ আয়ুক্তসকলক বেদখল আৰু অবৈধ নির্মাণৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়৷ এই অভিযোগৰ ওপৰত এমটিএমচিয়ে অবৈধ কাঠামো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰেl 

Leave A Reply