Breaking

ADRE 2.0 Exam Assam :পৰীক্ষা কেন্দ্ৰলৈ ভূলতো নিনিব এইকেইবিধ সামগ্ৰী

37

ADRE 2.0 Exam Assam :পৰীক্ষা কেন্দ্ৰলৈ ভূলতো নিনিব এইকেইবিধ সামগ্ৰী

ADRE 2.0 Exam :কাইলৈ ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৰাজ্যৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব ADRE 2.0 পৰীক্ষা,পৰীক্ষাৰ্থীয়ে এইবোৰ নিয়মাৱলী মানি নচলিলে বিহিব গুৰুতৰ শাস্তি! পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ এডমিট কাৰ্ডৰ লগত কেৱল নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ লগতে পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিতৰত পৰিব আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আনহাতে মোবাইল ফোন, যিকোনো ধৰনৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ নিয়াত নিষেধাজ্ঞা স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন আদি সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব ।(ADRE 2.0 Exam)

কোনো পৰীক্ষাৰ্থীয়ে এইসমূহ নিৰ্দেশনাৱলী উলংঘা কৰিলে ‘The Assam Public Examination (Measures for Prevention of Ufair Means in Recruitment) Act, 2024’ৰ ধাৰা ১০(১)অনুসৰি ৩ বছৰলৈ জে’ল আৰু জৰিমণাৰ সন্মুখীন হ’ব।উল্লেখ্য যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে ৷
পৰীক্ষাৰ OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ’বলৈ পৰামৰ্শ ৷কিয়তো OMR ছীটত এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব ৷

Comments are closed.