”এডভান্টেজ অসম ২.০ই গঢ় দিয়া পৰিৱেশ তন্ত্ৰৰ সুযোগ গ্ৰহণ কৰিবলৈ আমাৰ যুৱ চাম(Advantage assam 2.0) ওলাই আহিব লাগে’- ৰাজ্যৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ খণ্ডৰ উদ্যমী সকলক তেওঁলোকৰ কাৰ্যদক্ষতাৰ শ্রীবৃদ্ধিৰ বাবে ‘আৰ এ এম পি’ আঁচনিৰ অধীনত ব্যৱসায়িক উন্নতি কৰিবলৈ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগম(এএছ আই ডিচি)য়ে মহানগৰীৰ এখন হোটেলত আয়োজন কৰা এক কৰ্মশালাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এই আহ্বান জনায়।

তিনিগৰাকী স্নাতক অভিযন্তাই শিক্ষা সমাপ্ত কৰি চাকৰী নকৰি উদ্ভাবনী শক্তিৰে আৱৰ্জনাৰ পৰা ইটা নিৰ্মাণ কৰা জেৰাণ্ড শীৰ্ষক প্ৰতিষ্ঠানৰ উদাহৰণ দাঙি ধৰি মন্ত্রী বড়াই অসমত পঞ্জীভুক্ত সাত লাখৰো অধিক এম এছ এম ই প্ৰতিষ্ঠানে নিজৰ কাৰিকৰী ক্ষেত্র, সৃজনশীলতা, বিপণনৰ ক্ষেত্রত উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈও ভাষণত আহ্বান জনায়।
মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম অভিযানৰ অধীনত ইতিমধ্যে ২৫ হেজাৰ যুৱক যুৱতীক ব্যৱসায়ৰ বাবে দুই লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি উদ্যোগ মন্ত্রী গৰাকীয়ে ইয়াৰে এক লাখ অনুদান হিচাপে আৰু এক লাখ টকা পাচ বছৰ পিছত ৬০টা কিস্তিত ঘূৰাই দিব লগা সুদবিহীন ঋণ হিচাপে আগবঢ়োৱাৰ কথাও কয়। চলিত বৰ্ষত আন এক লাখ যুৱক যুৱতীক এনে সুবিধা আগবঢ়োৱা হ’ব বুলিও তেওঁ দোহাৰে।
এএচ আই ডি চিয়ে ৰূপায়ণ কৰা বিশ্ব বেংকৰ সাহায্য আগবঢ়োৱা কেন্দ্রীয় চৰকাৰৰ এই আচনিখনৰ জৰিয়তে এম এছ এম ই খণ্ডৰ উদ্যমী সকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাৰে আগবঢ়াই লৈ যোৱাৰ বাবে অনুষ্ঠিত কৰা এই দু দিনীয়া কৰ্মশালা খনৰ আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ মহা প্ৰবন্ধক উমেশ কুমাৰে উদ্যমী ক্ষুদ্ৰ উদ্যমী সকলৰ বাবে থকা আচনি সমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে।

বহু সংখ্যক এম এছ এম ই উদ্যমীৰ লগতে এন আৰ এল, অইল ইণ্ডিয়া, আই অ চি এল, অসম গেছ কোম্পানি লিমিটেড, ইন্দ্ৰধনুশ গেছ গ্ৰহণ লিমিটেড আদিৰ বিষয়া সকল উপস্থিত থকা কৰ্মশালাখনত উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু এ এছ আই ডি চিৰ পৰিচালন সঞ্চালক পি বিজয় ভাস্কৰ ৰেড্ডিয়েও ভাষণ প্ৰদান কৰে। উল্লেখ্য যে এই কৰ্মশালাৰ সমান্তৰালকৈ আয়োজন কৰা উদ্যমী সকলৰ উৎপাদিত সামগ্ৰীৰ এক প্ৰদৰ্শনীও পৰিদৰ্শন কৰি উদ্যমী সকলৰে উদ্যোগ মন্ত্রী বড়াই মত বিনিময়ো কৰে।