Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৬ ডিচেম্বৰঃ অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমে আজি আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধন কৰি বাণিজ্য আৰু বিনিয়োগৰ অংশীদাৰিত্বৰে নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে অসমে এক্ট ইষ্ট পলিচিৰ জৰিয়তে বিভিন্ন খণ্ডত হোৱা সফলতা লাভ কৰিছে।(Thimphu)

এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ৰ প্ৰসাৰৰ হকে ভূটানৰ(Bhutan) পৰা আৰম্ভ কৰা ৰোড শ্ব’ই যুগ যুগ ধৰি অব্যাহত থকা অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বমূলক সম্পৰ্ক তথা অৰ্থনৈতিক আদান প্ৰদানৰ দিশটোও অধিক ত্বৰান্বিত কৰিব। তেওঁ লগতে ৰয়েল ভূটান চৰকাৰৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ বাবে নিজকে সৌভাগ্যৱান বুলি কয়।(Assam)

তেওঁ কয় যে দুয়োটা ভৌগোলিক ভূখণ্ডক সংযোগ কৰা প্ৰাচীন বাণিজ্যিক পথসমূহ কেৱল চাহ, ৰেচম আৰু অন্যান্য সামগ্ৰী সৰবৰাহৰ পথ নাছিল বৰং ই আছিল পাৰস্পৰিক বুজা বুজি আৰু আন্তনিৰ্ভৰশীলতাৰ জীৱন ৰেখা। যোৱা বছৰৰ ৯ নৱেম্বৰ মাহত ভূটানৰ ৰজাৰ অসম ভ্ৰমণে অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে পাৰস্পৰিক বুজা বুজি আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত দুয়োখন দেশকে নতুন পদক্ষেপৰ সন্ধানত অনুপ্ৰেৰণা যোগাব।

তেওঁ কয় যে অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট আয়োজন কৰা হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই সন্মিলনে সমগ্ৰ দক্ষিণ এছিয়াত বিনিয়োগ আৰু অংশীদাৰিত্ব গঢ়ি তোলাত এক নতুন মাত্ৰা প্ৰদান কৰিব।

তেওঁ অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আসামৰ যোৱা সংস্কৰণত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ উপস্থিত থকাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলত অংশগ্ৰহণৰ কৰি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰিবলৈ আমন্ত্ৰণ জনায়।

অসম আৰু ভূটানে সহযোগিতাৰে শক্তিখণ্ড, জলবিদ্যুৎ, নবীকৰণ যোগ্য শক্তি আদি ক্ষেত্ৰসমূহত উল্লেখযোগ্য পদক্ষেপেৰে অৰ্থনৈতিক বিকাশ সাধন কৰিব পৰাৰ অৱকাশ আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

অসম আৰু ভূটানে সহযোগিতাৰে প্ৰাকৃতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনতো আগুৱাই যাব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰ্যটন ক্ষেত্ৰত ভূটানৰ প্ৰাচীন ভূ-প্ৰাকৃতিক স্থানসমূহৰ লগত অসমৰ কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাজুলীৰ সৈতে সংযোগ কৰি এক পৰ্যটন চাৰ্কিটৰ পৰিৱেশ গঠনেৰে পৰ্যটন খণ্ডক সংবৰ্ধন আৰু সংৰক্ষণৰ প্ৰসাৰ ঘটাব পৰা যায়।

দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত স্বাস্থ্যখণ্ডত কেন্সাৰ কেয়াৰ নেটৱৰ্ক গঢ় লৈ উঠা ব্যাপক ব্যৱস্থাপনাই ভূটানৰ ৰোগীসকলক সময়োপযোগী আৰু মানসম্পন্ন চিকিৎসা সেৱা আগবঢ়াই আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। শিক্ষা আৰু দক্ষতা বিকাশ খণ্ডৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ শিক্ষানুষ্ঠানসমূহে ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৫ খন আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

অসমে ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এএনএম আৰু জিএনএমৰ প্ৰশিক্ষণৰ বাবেও বিশেষ কাৰ্যসূচী আগবঢ়োৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এই সুযোগ-সুবিধাসমূহে ভূটানৰ যুৱক-যুৱতীসকলক বিশ্বমানৰ দক্ষতা আৰু জ্ঞানেৰে সবল কৰি তুলিব।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ইথান’ল উৎপাদন আৰু কৃষিখণ্ডত প্ৰয়োজনীয় কুঁহিয়াৰ আৰু বাঁহকে ধৰি কৃষিজাত সামগ্ৰীৰ যোগানে ভূটানৰ বাবে এক সুযোগৰ সৃষ্টি কৰিছে। অসম চৰকাৰে ভূটানৰ উদ্যোগসমূহক খাদ্য আৰু পানীয়, হাঁহ-কুকুৰা আৰু খনিজ পদাৰ্থৰ দৰে খণ্ডত অসমৰ বজাৰ অন্বেষণ কৰাৰ ক্ষেত্ৰটো উৎসাহিত কৰি আহিছে বুলিও তেওঁ সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ভূটানৰ দূৰদৰ্শী নেতৃত্ব আৰু ইয়াৰ আৰ্থ-সামাজিক সংস্কাৰে দুয়োখন ভূ-খণ্ডৰে আঞ্চলিক প্ৰগতিক অধিক আগুৱাই নিব। আগন্তুক এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিটে দুয়োখন দেশৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ এক পৰিৱৰ্তনশীল মঞ্চ হিচাপে চিহ্নিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ লগতে ভূটানৰ উদ্যোগী, ব্যৱসায়িক অংশীদাৰসকলক এই চামিটত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। আজিৰ সন্মিলনত ৰয়েল ভূটান চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল, ভূটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ দালেলা, ভূটানৰ উদ্যোগী, ব্যৱসায়িক অংশীদাৰ আৰু জ্যেষ্ঠ বিষয়াসকলক উপস্থিত থাকে।

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসত অংশ ল’’ব মুখ্যমন্ত্ৰী ড০ শৰ্মাইঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত মুখ্যমন্ত্ৰীক উস্ম আদৰণী
ৰয়েল ভূটান চৰকাৰৰ আমন্ত্ৰণ মৰ্মে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত উপস্থিত হয়। উল্লেখ্য যে আজিৰে পৰা ১৯ ডিচেম্বৰলৈ চাৰিদিনীয়া এই ভ্ৰমণসূচীৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভূটানৰ ৰজাৰ লগতে ৰয়েল ভূটান চৰকাৰৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰি ৰয়েল ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপন সমাৰোহত অংশগ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰীৰ ড০ শৰ্মাই সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে ভূটানৰ পাৰো বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ৰয়েল ভূটান চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েল, ভূটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ ডালেলা আৰু ৰয়েল ভূটান চৰকাৰৰ কেবিনেট সচিব কেছাং ডেকীয়ে উষ্ম আদৰণী জনায়।

ইফালে মুখ্যমন্ত্ৰীৰ সন্মানাৰ্থে ভূটানৰ যুৱক-যুৱতীসকলে পৰিৱেশন কৰা অসমৰ বিহুৰ লগতে দেশখনৰ পৰম্পৰাগত নৃত্যৰে এক নান্দনিক পৰিৱেশ গঢ়ি তোলে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰথম ভূটান ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে ভূটান আৰু অসমৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব।

Related Articles