মাৰাত্মক নিচা জাতীয় দ্ৰব্য আফিং খেতিৰ মাষ্টাৰমাইন্ড মূল অভিযুক্ত আব্দুল জব্বৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিগত দুমাহৰ পৰা বিচাৰি থকা লতিবাৰী চৰৰ ড্ৰাগছ মাফিয়া আব্দুল জব্বৰক লক্ষীমপুৰৰ চুনাৰী বজাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই ড্ৰাগছ মাফিয়া গৰাকী হত্যাৰ গোচৰতো অভিযুক্ত। দুমাহ অভিযান চলাই প্ৰায় ছয় শ বিঘা ভুমিত থকা আফিঙৰ খেতি ধ্বংস কৰে গোৱালপাৰা আৰক্ষীয়ে। আৰক্ষীয়ে ধ্বংস কৰা চৰ সমূহৰ ভিতৰত পাঠাকাটা, লতিবাৰী, চিতলমাৰী, মাজেৰচৰ, হজুৱাৰ চৰ, চুনাৰীচৰ আদি। আব্দুল জব্বৰক লৈ আৰক্ষীয়ে মুঠ চাৰি গৰাকীকৈ অবৈধ ভাবে আফিং খেতি কৰা ড্ৰাগছ মাফিয়াক আটক কৰে।
জব্বৰেই আছিল আফিং খেতিৰ মূল মাষ্টাৰমাইন্ড। আফিং খেতি ধ্বংস কৰা আৰু ড্ৰাগছ মাফিয়াক আটক কৰাৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক পি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা, উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, চুনাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিদেৱ দাস আৰু বহুতো আৰক্ষী জোৱানৰ পদক্ষেপ আছিল প্ৰশংসনীয়। চুনাৰী আৰু চৰৰ একাংশ লোকেও আৰক্ষীৰ আফিং খেতি ধ্বংস কৰা অভিযানত সহায় সহযোগ কৰে। আৰক্ষীয়ে ০৬/২০২২ নং গোচৰত ১৭ (৬), এন ডি পি এচ ধাৰাত গোচৰ ৰুজু কৰি আটক কৰা আব্দুল জব্বৰক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি সাংবাদিক মেলত কয় অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই।