Breaking

অষ্ট্ৰেলিয়াৰ চিৰিয়াখানাৰ পৰা পাঁচটা সিংহই পলায়ন কৰাৰ পাছতে লক ডাউন ঘোষণা কৰা হ’ল…

0 57

চিৰিখানাৰ বেষ্টনীৰ পৰা পাঁচটা সিংহই পলায়ন কৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াৰ এখন চিৰিয়াখানাত। পাঁচটাকৈ সিংহই বেষ্টনী এৰি ওলাই যোৱাৰ পাছতে এক জৰুৰীকালীন পৰিস্থিতিৰ সূচনা হৈছে চিৰিয়াখানা খনত।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চিডনীৰ টাৰোঙ্গা চিৰিয়াখানাত। বুধবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ৬.৩০ বজাত টাৰোঙ্গা চিৰিয়াখানাৰ প্ৰদৰ্শনীৰ বাহিৰলৈ ওলাই আহে এটা প্ৰাপ্তবয়স্ক সিংহ আৰু চাৰিটা পোৱালী।

এনে পৰিস্থিতিত দেখা দিব পৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানাখনত কিছু সময়ৰ বাবে লকডাউন কৰা হয়। অৱশ্যে সাময়িক এই চাঞ্চল্যৰ পিছত আটাইকেইটা সিংহকে সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় চিকিৎসালয় কৰ্তৃপক্ষ।

চিৰিয়াখানাৰ এগৰাকী কৰ্মচাৰীয়ে উল্লেখ কৰা মতে আটাইকেইটা সিংহক উদ্ধাৰ কৰা হ’লেও এটা পোৱালীক ট্ৰেংকুলাইজ কৰিব লগা হয়। অৱশ্যে এই সময়ত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি তেওঁ সদৰী কৰে।

ইফালে চিৰিয়াখানাৰ কাৰ্যবাহী সঞ্চালক চাইমন ডাফিয়ে এই ঘটনাত হ’ব পৰা গুৰুতৰ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি বিষয়টোৰ তদন্ত কৰা হ’ব বুলি সদৰী কৰিছে।স্থানীয় সংবাদ মাধ্যমৰ আগত ডাফিয়ে উল্লেখ কৰা মতে সিংহকেইটাই প্ৰদৰ্শনীৰ সৈতে সংলগ্ন এটা সৰু এলেকাত প্ৰৱেশ কৰিছিল।

ডাফিয়ে সদৰী কৰা মতে বেষ্টনীৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত সিংহকেইটাক পোৱা গৈছিল। সেই সময়ত বহু দৰ্শনাৰ্থী ৰাতিটোৰ বাবে চিৰিয়াখানাত আছিল। অৱশ্যে সেই সময়ত মূল চিৰিয়াখানা বন্ধ আছিল বুলি তেওঁ লগতে কয়।

সিংহকেইটা বেষ্টনীৰ পৰা ওলাই যোৱাৰ ১০ মিনিটমানৰ ভিতৰতে এগৰাকী চিকিউৰিটিয়ে এলাৰ্ম বজাই দিয়ে। ইয়াৰ পাছতে কৰ্মচাৰীসকলে তৎকালীনভাৱে সেই স্থানত থকা সকলো লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছিল।

অৱশ্যে চাৰিটা সিংহই কিছুসময় পিছত শান্তভাৱে নিজা বেষ্টনীলৈ উভতি আহে আৰু আন এটাক ট্ৰেংকুলাইজ কৰা হয় বুলি ডাফিয়ে সদৰী কৰে। ইফালে সম্পূৰ্ণ সুৰক্ষিত বুলি নিশ্চিত নোহোৱা পৰ্যন্ত সিংহৰ প্ৰদৰ্শনী বন্ধ থাকিব বুলি তেওঁ লগতে কয়।

Leave A Reply

Your email address will not be published.