Breaking

নেটিজনৰ সমালোচনাত বিধ্বস্ত বিগ বী-অনিল কাপুৰ…

0 36

মঙলবাৰে কমল আৰ খানৰ এটি গান ‘মেৰে চাথিয়া’ মুক্তি লাভ কৰিলে। এই গীতটোৰ প্ৰম’শ্যনৰ বাবে বলীউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু অনিল কাপুৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। আৰু ইয়াৰ পিছতে আৰম্ভ হ’ল সামাজিক মাধ্যমত বিতৰ্কৰ। কেৱল অমিতাভ বচ্চন আৰু অনিল কাপুৰেই শ্বেয়াৰ কৰা নাছিল, টাইগাৰ শ্ৰ’ফ, ৰাম গোপাল বাৰ্মা, গুৰু ৰ’ন্ধাবা আৰু মধুৰ ভাণ্ডাৰকাৰকে ধৰি বহু চেলিব্ৰিটিয়ে শ্বেয়াৰ কৰিছিল গীতটো।


কিন্তু, অমিতাভ বচ্চন আৰু অনিল কাপুৰে এইধৰণৰ প্ৰম’শ্যন কৰাৰ বাবে সামাজিক মাধ্যমত ব্যাপক ট্ৰ’লৰ সন্মুখীন হ’ল দুয়োগৰাকী। এই সম্পৰ্কত বিভিন্নজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অমিতাভ বচ্চন আৰু অনিল কাপুৰক লৈ ভিন্ন কটু মন্তব্য কৰা পৰিলক্ষিত হ’ল।

কোনো অমিতাভ বচ্চনক উদ্দেশ্য কৰি এয়া অমিতাভ বচ্চনৰ প্ৰকৃত একাউণ্ট হয় নে নহয় পৰীক্ষা কৰা বুলি উল্লেখ কৰাৰ সমানে অনিল কাপুৰক উদ্দেশ্য কৰি এনে কি প্ৰয়োজনীয়তা আহিল বুলি লিখা পৰিলক্ষিত হ’ল। কেৱল ইমানেই নহয়, সামাজিক মাধ্যমৰ একাংশ ব্যৱহাৰকাৰীয়ে অমিতাব বচ্চনৰ একাউণ্টটো হেক কৰিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰা দেখা যায়। মুঠৰ ওপৰত বলীউদৰ সম্ৰাটস্বৰূপ দুয়োগৰাকী প্ৰবীণ অভিনেতাই কৰা এটা সামান্য প্ৰম’শ্যনৰ বাবেই নাতিজেনৰ পৰা বাৰুকৈ গালি খোৱাহে দেখা গ’ল।

Leave A Reply

Your email address will not be published.