Breaking

আকৌ মাজুলী; চিকিৎসাৰ অভাৱত পুনৰ প্ৰাণ গ’ল এজনৰ, এইবাৰ এম্বুলেঞ্চৰ অভাৱত মৃত্যু

0 46

পুনৰ উন্মোচিত হ’ল মাজুলীৰ স্বাস্থ্য ব্যৱস্থাৰ পয়া লগা ছবি। উপযুক্ত চিকিৎসাৰ অবিহনেই মৃত্যু হৈছে এজনৰ পিছত আন এজন লোকৰ।

তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাই মাজুলীৰ স্বাস্থ্যখণ্ডৰ পয়ালগা স্বৰূপটো উদঙাই দিয়াৰ পিছতে পুনৰ দুজনকৈ লোকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শুক্ৰবাৰে মাজুলীৰ মাজাগাঁৱৰ হলিৰাম শইকীয়া নামৰ ৫২ বছৰীয়া লোকজন অসুস্থ হৈ পৰাত তেওঁক গড়মূৰস্থিত শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী ৰাজ্যিক চিকিৎসালয়লৈ নিবলৈ ১০৮ সেৱালৈ ফোন কৰে যদিও ১০৮ সেৱাৰ পৰা লাভ নকৰে কোনো সহাৰি।

উপায়ন্তৰ হৈ দীৰ্ঘ সময়ৰ পিছত পিছত হলিৰাম শইকীয়াক ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত উপস্থিত হোৱাত পলম হোৱাৰ বাবেই তেওঁৰ মৃত্যু হয়।

হলিৰাম শইকীয়াৰ মৃত্যুৰ পিছতে এতিয়া মাজুলীৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে।

উল্লেখ্য যে তেজস্বীতাৰ মৃত্যুৰ দুটা সুপ্তাহ নহওতেই যোৱা ১৯ অক্টোবৰত আদিত্য পায়েং নামৰ এগৰাকী যুৱকে আই চি ইউ টেকনিচিয়ান নথকাৰ বাবেই মৃত্যু হ’বলগীয়া হৈছিল।

তেজস্বীতাৰ মৃত্যুৰ পিছতে তৎকালীন ভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগে মাুজলীলৈ প্ৰেৰণ কৰিছিল ৩ খন ১০৮ এম্বুলেঞ্চ।

তৎস্বত্বেও মাজুলীত মাত্ৰ এটা দুদিনৰ ভিতৰত দুজনকৈ লোক এম্বুলেঞ্চলৰ অভাৱত মৃত্যু হ’বলগীয়া বিষয়টোৱে হতচকিত কৰি তুলিছে সৰ্বস্তৰৰ লোকক।

Leave A Reply

Your email address will not be published.