তীৰৰ জুৱাৰীৰ বিৰুদ্ধে বাঁ‌হবাৰী আৰক্ষীৰ অভিযান

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাহঁবাৰী আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে এগৰাকী তীৰৰ জুৱাৰী । তীৰৰ জুৱাৰীটোৰ নাম চমেৰ আলী । বাঁ‌হবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আটকাধীন চমেৰৰ পৰা নগদ চাৰি হাজাৰ টকা আৰু তীৰ খেলৰ বুকি,মোবাইল ফোন জব্দ কৰে ।

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জুৱাৰী চাহেৰক জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাহবাৰী অঞ্চলত তীৰ খেলৰ বৃহৎ ঘাটি গঢ়ি তুলিছিল ধৃত চামেৰ আলীয়ে ।

Related Articles