মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ।

ধুবুৰীত মূল্য বৃদ্ধিৰ বিৰূদ্ধে আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ বকেয়া মাননী উৎসৱৰ আগত পৰিশোধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু নিখিল ভাৰত গনতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত বজাৰ পৰা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ বকেয়া মাননী উৎসৱৰ আগত পৰিশোধ কৰাৰ দাবীত জি টিবি ৰোড (ছোৱালী মহাবিদ্যালয়ৰ) ওচৰত ধৰ্ণা কাৰ্যসূচী পালন কৰা কৰে।

তেওঁলোকে বহু কেইটা দাবী লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায় হায়, সাম্প্ৰদায়িক ৰাজনীতি কৰা নচলিব, আকাশলংঘী মূল্য বৃদ্ধি কৰা নচলিব।

নাৰী নিৰ্যাতন বন্ধ কৰক, মদৰ দোকানৰ লাইচেন্স দিয়া বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু নিখিল ভাৰত গনতান্ত্রিক মহিলা সমিতিৰ কৰ্মীসকলে।

Related Articles