Breaking

আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কৰ্মসূচী আৰম্ভ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

0 35

মুখ্যমন্ত্ৰীৰ ভাষণ–

আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কৰ্মসূচী আৰম্ভ হ’ল। যোৱা বছৰ ১৭ চেপ্তেম্বৰত এই আন্দোলন আৰম্ভ হৈছিল। য’ত ১ কোটি ১২ লাখ গছপুলি ৰোপন কৰা হৈছিল। ১ কোটি ১২ লাখ গছপুলিৰ ৯০ শতাংশ গছপুলি জীয়াই আছে। গছপুলিসমূহ জীয়াই থকাৰ কাৰণ হ’ল- সেই গছপুলিসমূহ ঘৰ-অনুষ্ঠান আদিৰ চৌহদৰ ভিতৰত ৰোপন কৰা হৈছিল। যোৱা বছৰ কম সময়তে অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিবলগীয়া হোৱা বাবে কেইবাখনো নাৰ্ছাৰীৰ পৰা নিবিদাৰ যোগেদি গছপুলি ক্ৰয় কৰা হৈছিল।

এই বছৰ বন বিভাগে ৪ কোটি গছপুলি বন বিভাগৰ নাৰ্ছাৰীসমূহত ৰোপন কৰি অমৃত বৃক্ষ আন্দোলনৰ বাবে সাজু কৰিছে। এইবাৰ অমৃত বৃক্ষ আন্দোলন ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত উদযাপিত হ’ব। এই ১৫ দিনৰ ভিতৰতে সকলোৱে গছপুলিসমূহ ৰোপন কৰিব পাৰিব। এইবাৰ ৩ কোটি গছপুলি ৰোপনৰ লক্ষ্য ৰখা হৈছে। ভৱিষ্যতে ১০ কোটি গছপুলি ৩-৪ বছৰৰ ভিতৰত ৰোপন কৰা হ’ব ।

এই ৩ কোটি গছপুলিৰ সৈতে ১ কোটি গছপুলি অতিৰিক্তভাৱে সাজু কৰি ৰখা হ’ব।পৰ্টেলত পঞ্জীয়ন কৰি গছপুলিৰ সৈতে ফটো আপলোড কৰিব পাৰিব। ১৬ আগষ্টত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জৰিয়তে কিমান গছপুলি ৰোপন হ’ল তাৰ সংখ্যা নিৰূপন কৰা হ’ব।অনুষ্ঠানসমূহে কোনে কিমান গছপুলি ৰোপন কৰিব সেয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে। গছপুলি বিতৰণৰ বাবে ৰাজ্যজুৰি ৪ হাজাৰ বিতৰণ কেন্দ্ৰ থাকিব।

Leave A Reply

Your email address will not be published.