Breaking

মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীলৈ অগপৰ অভিনন্দন…

0 19

অসমত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত সফলতা লাভ কৰাত মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীসকললৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই।

এক প্ৰেছ বিজ্ঞপ্তিত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই নিৰ্বাচনী ফলাফলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়ন আৰু বিকাশ যাত্ৰাৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ বহিৰ্প্ৰকাশ ঘটিছে বুলি মতপোষণ কৰে। নিৰ্বাচনী ফলাফলে মিত্ৰজোঁটৰ চৰকাৰখনৰ শক্তিশালী স্থিতিৰ কথা পুনৰবাৰ প্ৰতিপন্ন কৰিলে বুলি উল্লেখ কৰি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু ইউ পি পি এলৰ আটাইকেইগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। লগতে ঐক্যবদ্ধ প্ৰচেষ্টাৰে মিত্ৰজোঁট তথা অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত বিজয়ী কৰাৰ বাবে অসমৰ জনসাধাৰণৰ লগতে মিত্ৰজোঁটৰ আটাইকেইটা দলৰে বিষয়ববীয়া আৰু সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰে।

বিবৃতিটোত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োক বিচক্ষণতাৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিজয়ী কৰোৱাত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.