চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাত অগপৰ আনন্দ প্ৰকাশ…

ঐতিহাসিক চৰাইদেউ মৈদামক ইউনিস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাত আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে অসম গণ পৰিষদ দলে।এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বতৰা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু উদ্যোগৰ বাবেই চৰাইদেউ মৈদামে বিশ্বজনীন স্বীকৃতি লাভ কৰিলে। এই স্বীকৃতি লাভৰ জৰিয়তে ঐতিহাসিক চৰাইদেউ মৈদামৰ ব্যাপক প্ৰচাৰ, প্ৰসাৰ বৃদ্ধি হোৱাৰ লগতে মৈদামৰ গুন গৰিমাৰ চৰ্চা হ’ব বুলি মন্তব্য কৰে। আহোম স্বৰ্গদেউ সকলৰ স্মৃতি বিজড়িত এই মৈদামে যু্গে যুগে ইতিহাসৰ সাক্ষী বহন কৰি আহিছে। এই গৌৰৱময় স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণলৈ সভাপতি বৰাই অভিনন্দন জ্ঞাপন কৰিছে।

Related Articles