AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব।

দৈনন্দিন বাৰ্তা গুৱাহাটী, ২৪ ছেপ্টেম্বৰ

AGP foundation day অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে14 October ১৪ অক্টোবৰত
৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব।Dibrugarh ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব।আজি গুৱাহাটীৰ আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অগপৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ এই সভাত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা অসম অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই আগন্তুক প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে সভাত বিতংভাৱে আলোচনা কৰে ৷ দলে আয়োজন কৰিবলগীয়া বিধানসভা সমষ্টিভিত্তিত কৰ্মশালা, ব্যাপক সদস্যভৰ্তি-সদস্য নৱীকৰণ অভিযান, আঞ্চলিক দলৰ সন্মিলন, আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচন, পঞ্চায়ত, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি অন্যান্য স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু দলীয় সাংগঠনিক দিশৰ বিভিন্ন বিষয়তো আলোচনা কৰা হয় ৷ সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, লোকসভাৰ MP Fani Bhushan Chowdhuryসাংসদ ফণীভূষণ চৌধুৰী,Rajya Sabha MP Birendra Prasad Vaishya ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ সদস্য-সদস্যা, জিলা সভাপতিসকল, ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

অধিক খৱৰ পঢ়িবলৈ

উত্তৰ জালুকবাৰীত কামৰূপ মহানগৰ জিলাৰ কবি সন্মিলনৰ পোহৰৰ দিন আৰু কবিতাৰ দিন উদযাপন

Related Articles