Breaking

জালুকবাৰী সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণদুন্দুভি বজালে অগপই…

0 14

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰাৰ পাছত বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ অংশীদাৰী দল অগপই ইতিমধ্যে ৰাজ্যজুৰি সাংগঠনিক তৎপৰতা বৃদ্ধিৰে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ বাবে ককালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ইয়াৰ অংশ হিচাপে সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আজাৰা ভি আই পিস্থিত শ্যামভূমি হাইস্কুলত বিয়লি অসম গণ পৰিষদ দলৰ জালুকবাৰী বিধান সভা সমষ্টি সমিতিৰ এখনি বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাত তিনি শতাধিক দলীয় বিষয়ববীয়া আৰু সদস্যই অংশ গ্ৰহণ কৰে। সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মূলতঃ পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়।

সভাত প্ৰতিটো পঞ্চায়ততে বুথ পৰ্য্যায়ত সভা অনুষ্ঠিত কৰি প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, বিধায়ক তথা সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তৃণমূল পৰ্য্যায়ৰ পৰা দলৰ সকলো সাংগঠনিক স্তৰ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িবলৈ আহ্বান জনায়। কলিতাই দলৰ জনসংযোগ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ বাবে দলীয় সদস্যসকলক জনসাধাৰণৰ কাষলৈ যাবলৈ আহ্বান জনায়। সভাত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই সাংগঠনিক তৎপৰতা বৃদ্ধিৰে দলীয় সদস্যসকলক নতুন ধৰণে দলক সাজু কৰিবলৈ আহ্বান জনায়। মহিলা আৰু যুৱ প্ৰজন্মক দলত সক্ৰিয়তাৰে জড়িত কৰাত গুৰুত্ব আৰোপ কৰি প্ৰতিটো দলীয় কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে আহ্বান জনায়। সভাই পঞ্চায়ত পৰ্যায়ত সভা অনুষ্ঠিত কৰাৰ লগতে বুথ সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, পৰেশ বৰুৱা, জগন্নাথ ঠাকুৰীয়া, ৰুবুল বৈশ্য, প্ৰণৱ দাসকে ধৰি দলৰ ভাতৃ – ভগ্নী সংগঠনৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.