Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ

গুৱাহাটী, ২১ অক্টোবৰঃ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত দোকনীয়, গাওঁবুঢ়াৰ পাম, টাঙোনমাৰী আদি ঠাইত খিলঞ্জীয়া কৃষকে কৃষিৰ জৰিয়তেই নিজৰ লগতে পৰিয়ালৰ পোহপাল দি আহিছে। কিন্তু আজিৰ পৰা দুই তিনিবছৰ ভিতৰত হঠাতেই অখিলঞ্জীয়া লোকৰ অবৈধ আগ্ৰাসনত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে।

আৰু এই খিলঞ্জীয়া লোকসকলৰ কৃষিভূমি অখিলঞ্জীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰি, খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰাৰ দাবীত সোমবাৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই(ASSU) টাঙোনমাৰী মথাউৰিৰ ওপৰত বিক্ষোভ কাৰ্যসূচী ৰুপায়ন কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড লৈ, খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰক।

খিলঞ্জীয়া কৃষকৰ কৃষি ভূমি উদ্ধাৰ কৰক। হাজো ৰাজহ চক্ৰ বিষয়া হুচিয়াৰ, অসম চৰকাৰ(Assam Government) হায় হায় আদি ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তোলে। শতাধিক প্ৰতিবাদকাৰী উপস্হিত থকা কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা উপস্হিত থাকি, চৰকাৰে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰা শ্লোগান এতিয়া ধোৱা চাঙত বুলি কৈ অসম চৰকাৰক তীব্ৰ সমোলোচনা কৰি কয় যে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আৰু হাজো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ(Revenue Circle Officer’s Office) এচাম মণ্ডল-কাননগো হেমাহিৰ কাৰণে কাৰ্যালয়টোত দিনক দিনে মাটিৰ দালালৰ সংখ্যা বৃদ্ধি হৈছে। ফলত এই দালল বিলাকৰ জৰিয়তেই মণ্ডল বিলাকক মেনেজ কৰি লৈ খিলঞ্জীয়া লোকৰ কৃষিভূমি অখিলঞ্জীয়া কিছুমান মানুহৰ নামত মাটিৰ নাম জাৰি কৰি দিয়া কাম আৰম্ভ হৈছে।

আৰু এই ক্ষেত্ৰ খিলঞ্জীয়া কৃষকৰ(Farmers) কৃষিভুমি সুৰক্ষিত কৰাৰ কাৰণে অনতিপলমে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। কাৰ্যসূচীটোত হাজো ৰাজহ চক্ৰ বিষয়া আফ্ৰিন হুছেইন উপস্হিত হৈ প্ৰতিবাদকাৰী সকলক উক্ত বিষয়টো গুৰুত্বসহকাৰে লৈ পদক্ষেপ গ্ৰহণ কৰিম বুলি আশ্বাস প্ৰদান কৰে।

আৰু প্ৰতিবাদকাৰীসকলে খিলঞ্জীয়া কৃষকৰ সমস্যা সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল কলিতা আৰু সাধাৰণ সম্পাদক নিকু কুমাৰ বৈশ্য স্বাক্ষৰিত এখন ষ্মাৰক-পত্র চক্র বিষয়াগৰাকীক প্ৰদান কৰে।

কাৰ্যসূচীটোত আছু নেতা নৱজ্যোতি দাস, সুৰজিত কলিতা, ধনজিত কুমাৰ নাথ, ৰুবুল কলিতা, প্ৰাণজিত দেওৰীয়াৰ লগতে অঞ্চলটোৰ কেইবাজনো সচেতন ব্যক্তি উপস্হিত থাকে।

Related Articles