Ex-ULFA Members Initiate Farming: বাঘেশ্বৰ চৰৰ বৃহৎ কৃষিভূমিত দৰঙৰ প্ৰাক্তন আলফা সদস্যৰ কৃষিকৰ্ম

দৰং, ৫ অক্টোবৰ: এসময়ত স্বাধীন অসমৰ সপোন দেখি হাতত বন্দুক লৈ ঘৰৰ পৰা ওলাই যোৱা দৰঙৰ প্ৰাক্তন আলফা সদস্যসকলে(Former ULFA members) এতিয়া হাতৰ বন্দুক এৰি তুলি ললে কোৰ, নাঙল আৰু ধৰিলে ট্ৰেক্টৰৰ ষ্টেয়াৰিঙত(Ex-ULFA Members Initiate Farming)৷ দৰং জিলা প্ৰশাসনে জিলা খনৰ প্ৰাক্তন আলফা সদস্য সকলক কৃষি কাৰ্য্য কৰিবৰ বাবে ছিপাঝাৰ কুৰুৱাৰ বাঘেশ্বৰ চৰত(Bageshwar Char, Kurua) প্ৰদান কৰিছিল প্ৰায় ২০০০ বিঘা কৃষি ভূমি ৷

শুক্ৰবাৰে জিলাখনৰ শতাধিক প্ৰাক্তন সদস্যই মাকৈ খেতি কৰাৰ উদ্দেশ্যৰে ট্ৰেক্টৰৰে হাল বোৱা কাম আৰম্ভ কৰে মাটি খিনিত৷ দৰং জিলাৰ প্ৰাক্তন আলফাৰ সদস্য সকলে নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যৰে জিলা আয়ুক্তক পৰিতক্ত্য ভাবে পৰি থকা চৰকাৰী ভূমি বিচাৰি আৱেদন কৰিছিল ৷

দৰং জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে জিলা আয়ুক্তক দিয়া আৱেদনৰ ভিত্তিত প্ৰশাসনে খেতি কৰিবৰ বাবে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক(Darrang District Ex-ULFA Coordination Committee) কুৰুৱাৰ বাঘেশ্বৰ চৰত প্ৰায় ২০০০ বিঘা ভূমি প্ৰদান কৰিছিল ৷

শুক্ৰবাৰে কাৰ্য্যকৰী সভাপতি দুষ্মন্ত নাথ, সম্পাদক গজেন হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক অজয় ডেকা, সহকাৰী সম্পাদক জাকিৰ হুছেইন, বিত্তীয় সম্পাদক অচ্যুত বৈশ্য, কেন্দ্ৰীয় সম্পাদক ৰমেন ডেকা, সাংগঠনিক সম্পাদক ৰবিধৰ কলিতা, চাহাবুদ্দিন আহমেদৰ লগতে জিলাখনৰ প্ৰায় ১০০ গৰাকী সদস্য বাঘেশ্বৰ চৰত উপস্থিত হৈ ট্ৰেক্টৰ লগাই কৃষি কাৰ্যৰ শুভাৰম্ভনি কৰে ৷

Related Articles