Breaking

আজাৰাত ১,০০০ হেক্টৰ ভূমি সামৰি নতুন প্ৰকল্পৰ শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ

0 10

আজাৰা ,৩০জুন: ৰাজ্যখনৰ কৃষি উৎপাদিকা (cropping intensity) শক্তিৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে কৃষিভূমি ছন পেলাই নাৰাখি বছৰত দুটা বা ততোধিক খেতি কৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিশেষ অগ্ৰাধিকাৰ দি আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই দিশটোত গুৰুত্ব আৰোপ কৰি শালিধান চপোৱাৰ পাছত ছন পৰি থকা ৰাজ্যখনৰ ১,০০০ হেক্টৰ কৃষিভূমিত মাহজাতীয় শস্য, সৰিয়হ খেতি কৰাৰ বাবে এক অভিলাষী প্ৰকল্প যুগুতাই উলিয়াইছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত উক্ত প্ৰকল্পটোৰ আনুষ্ঠানিক শুভাৰম্ভণি উপলক্ষে আয়োজিত “একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালা” উদ্বোধন কৰি এই মন্তব্য কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই কয় – ৰাজ্যখনৰ কৃষকসকলক “ডাবল ক্ৰপিঙ”ৰ প্ৰতি আগ্ৰহী কৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ এই প্ৰকল্পই অধিক উৎসাহিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী। প্ৰকল্পটোৰ সফলতা কামনাৰে বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপ নিশ্চয়কৈ b আশাবঞ্জ্যক ।’ডাবল ক্ৰপিঙ”ৰ জৰিয়তে ৰাজ্যখনৰ কৃষিনিৰ্ভৰ অৰ্থনীতিক ঊৰ্ধ্বমুখী কৰি ৰখাত সহায়ক হোৱাকৈ শালিধান চপোৱাৰ পাছত ছন পৰি থকা পথাৰসমূহক আয়ৰ এক শক্তিশালী উৎস হিচাপে গঢ়ি তুলিবলৈ কৃষকসকল ডাবল ক্ৰপিঙৰ বাবে আগবাঢ়ি আহক, এই দিশত কৃষি বিভাগে সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়াই যাব বুলিও মন্ত্ৰগৰাকীয়ে ব্যক্ত কৰে । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ে শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাকে ধৰি অন্যান্য আনুষংগিক বিভিন্ন তথ্য ডিজিটেল মাধ্যমেৰে কৃষকক যোগান ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা দ্বিভাষিক (ইংৰাজী-অসমীয়া) “AAU PestDoc” শীৰ্ষক এন্ড্ৰয়ট মোবাইল এপ্ এটিও মুকলি কৰা হয়। এই পদক্ষেপৰ বাবে কৃষি বিশ্ববিদ্যালয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা , অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, নাবাৰ্ডৰ উপ-পৰিচালন সঞ্চালক জি এছ সিং ৰাৱট, ভৰতপুৰৰ ৰেপছিদ আৰু সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ড° পি কে ৰায়, হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° আৰ এম সুন্দৰম, ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য প্ৰগ্ৰেমৰ প্ৰধান পি পাইঠাংকৰ, ভাৰতীয় মাহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠান-কাণপুৰৰ প্ৰকল্প সমন্বয়ক ড° এছ ত্ৰিপাঠী, কৃষি প্ৰযুক্তি প্ৰয়োগ গৱেষণা প্ৰতিষ্ঠান (ATARI)-গুৱাহাটীৰ সঞ্চালক ড° জি কাডিৰভেল প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী, অন্যান্য বিষয়া, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply