AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

নতুন দিল্লী, ৮ অক্টোবৰ: দিল্লী এইমছে অতি শীঘ্ৰে চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলক কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা প্ৰদান কৰিব(AI-Based ECG Services)। ইয়াৰ লগে লগে টেকনিচিয়াগৰাকীয়ে ৰোগীৰ ECG কৰিবৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ গৈ থকাৰ কোনো প্ৰয়োজন নাথাকিব। ইয়াৰ উপৰিও ইয়াৰ বাবে একাংশ ৰোগীক কেন্দ্ৰীয় ইউনিটলৈ নিয়াৰ প্ৰয়োজনীয়তাও নাইকিয়া হ’ব। তাৰোপৰি ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ অসুবিধাৰ পৰাও ৰোগীৰ অভিভাৱকে সকাহ পাব।

বৰ্তমান টেকনিচিয়ানসকলে বিভিন্ন বিভাগলৈ গৈ কৰে ৰোগীৰ ECG

বৰ্তমান সময়ত ৰোগীৰ ECG কৰে ECG টেকনিচিয়াসকলে। যাৰ বাবে তেওঁলোকে বিভিন্ন বিভাগলৈ গৈ চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলৰ ECG কৰিব লাগে। ইয়াৰ লগতে বহু ৰোগীক ECG ৰ বাবে কেন্দ্ৰীয়ভাৱে কৰা ইচিজি সুবিধা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। দিল্লী এইমছৰ সঞ্চালক ডাঃ এম শ্ৰীনিবাসে কয়, আমি ৰোগীৰ যত্ন আৰু কাৰ্য্যকৰী ফলপ্ৰসূতা – এই দুয়োটা উন্নত কৰাৰ প্ৰয়াসেৰে ৰোগীৰ ECG সেৱা সুশৃংখলিত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছো।

৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতিটো ৱাৰ্ডত ডিজিটেল ECG সঁজুলি স্থাপন কৰাৰ পৰিকল্পনা

সঞ্চালকগৰাকীয়ে জনোৱা মতে, ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এইমছ, দিল্লীয়ে(Delhi AIIMS) প্ৰতিটো আন্তঃৰোগী ৱাৰ্ডত (Inpatient ward) এআই ভিত্তিক ক্ষমতা থকা ডিজিটেল ECG সঁজুলি(Digital ECG Machine) স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। নাৰ্চিং বিষয়া, আৱাসী চিকিৎসক আৰু ফেকাল্টি সদস্যসকলে ৰোগীৰ বিচনাৰ কাষতে এই সুবিধা গঢ়ি তোলাৰ ফলত ECG ৰ বাবে ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰৰ প্ৰয়োজনীয়তা যথেষ্ট হ্ৰাস পাব(Artificial Intelligence in Healthcare)।

জটিল ECG ৰ বাবে ২৪-ঘণ্টীয়া কমাণ্ড চেণ্টাৰ স্থাপনৰ পৰিকল্পনা

ইয়াৰ সমান্তৰালকৈ এইমছৰ কাৰ্ডিঅ’লজি বিভাগে জটিল ECG ৰ বুজ লৈ উন্নত চিকিৎসা প্ৰদানৰ বাবে ২৪ ঘণ্টীয়া কমাণ্ড চেণ্টাৰো স্থাপন কৰা হ’ব । চিকিৎসালয়খনৰ প্ৰতিটো ৱাৰ্ড আৰু ICUৰ পৰা জটিল ECG ৰিপ’ৰ্টৰ বিশ্লেষণ কাৰ্ডিঅ’লজিষ্টৰ দ্বাৰা কৰা হ’ব, আৰু টেলিমেট্ৰী ব্যৱস্থাৰে ইয়াক প্ৰেৰণৰ সুবিধা থাকিব। । অধ্যাপক এম. শ্ৰীনিবাসে এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে, দিল্লী এইমছত আমি স্বাস্থ্যসেৱা প্ৰদানৰ মান উন্নত কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব বিচাৰো(AI in Cardiology)।

আমাৰ উদ্দেশ্য হৈছে, ৰোগীসকলে যাতে সময়মতে প্ৰয়োজনীয় ক্লিনিকেল সেৱা লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যসেৱাৰ অভিজ্ঞতা উন্নত হয়। ইয়াৰ বাবে আমি এআই ভিত্তিক ডিজিটেল ECG ডিভাইচসমূহ একত্ৰিত কৰি ২৪ ঘণ্টীয়া কমাণ্ড চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলাইছো। এইমছৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত অধ্যাপিকা ৰীমা দাদাই কয় যে, দিল্লী AIIMSত স্বাস্থ্য সেৱা প্ৰদানৰ মান উন্নত কৰাৰ লক্ষ্যৰে অত্যাধুনিক প্ৰযুক্তিৰ ব‍্যৱহাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে। আমাৰ লক্ষ্য হৈছে, অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰি ECG সেৱা বিকেন্দ্ৰীকৰণ কৰি ৰোগীক দ্ৰুত আৰু সঠিক চিকিৎসা সেৱা প্ৰদান কৰা ।

এই অত্যাধুনিক প্ৰযুক্তিৰ সংযোজনে দিল্লী AIIMSৰ ৰোগীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত বৃহৎ পৰিবৰ্তন আনিব, যি স্বাস্থ্য সেৱাৰ মান আৰু গতিশীলতাক আৰু অধিক উন্নত কৰি তুলিব ।

Related Articles