Breaking

বাৰ্বাডোছত ঘূৰ্ণীবতাহৰ আশংকাত বন্ধ বিমানবন্দৰ, যাত্ৰীৰ হাহাকাৰ! আৱদ্ধ ভাৰতীয় ক্ৰিকেট দল…

0 18

টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিচতে ৱেষ্ট ইণ্ডিজত বতৰৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। বাৰ্বাডোছত ঘূৰ্ণীবতাহ বেৰিলৰ প্ৰভাৱ দেখা গৈছে। নেচনেল হাৰিকেন চেণ্টাৰে দেওবাৰে সন্ধিয়া আগজাননী দিছে যে দক্ষিণ-পূব কেৰিবিয়ানৰ ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ঘূৰ্ণীবতাহ বেৰিল বিপদজনক হোৱাৰ আশংকা আছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে আটলাণ্টিক ঋতুৰ প্ৰথমটো ধুমুহাই সোমবাৰে ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।ইফালে পৰৱৰ্তী জাননী নোপোৱালৈকে বিমানবন্দৰত সকলো বিমানৰ চলাচল বন্ধ ৰখা হৈছে। আনহাতে টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটো দ্বীপটোতে আছে। কিন্তু প্ৰতিকূল বতৰৰ বাবে দ্বীপটোৰ পৰা বিমানৰ চলাচল বন্ধ হৈ থকাত দলটো, অনুৰাগীসকল, বিচিচিআইৰ বিষয়া আৰু সংবাদ মাধ্যমৰ লোকসকল দ্বীপটোত আৱদ্ধ হৈ আছে। লক্ষণীয়ভাৱে প্ৰত্যাশিত জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে।


সূত্ৰৰ মতে, বিচিচিআইয়ে দিল্লীলৈ পোনপটীয়া বিমানৰ ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা চলাই আছে। দ্বীপটোলৈ এখন চাৰ্টাৰ বিমানৰ বাবে বিচিচিআইয়ে চেষ্টা চলাই আছে যাতে দলটোক সুৰক্ষিতভাৱে স্বদেশলৈ আনিব পৰা যায়। কিন্তু বিমানবন্দৰটো বন্ধ থকাৰ বাবে কোনো বিমানে ২৪ ঘণ্টা বা তাতকৈ অধিক সময়ৰ বাবে অৱতৰণ কৰিব নোৱাৰিব। অৱশ্যে এখন চাৰ্টাৰ বিমান আমেৰিকাৰ পৰা উৰা মাৰিব লাগিব যি হৈছে প্ৰায় ৫ ঘণ্টাৰ দূৰত্ব । অৱশ্যে সাগৰীয় ঘূৰ্ণীবতাহৰ সৈতে ঘণ্টাত ১০০ মাইললৈকে বতাহৰ গতি আৰু পৰৱৰ্তী ১৫ ঘণ্টাৰ বাবে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বাবে কোনো বিমানে কেৰিবিয়ান দ্বীপটোলৈ যাব নোৱাৰে । ইয়াৰ অৰ্থ হৈছে যদি বতৰে সহায় কৰে তেনেহ’লে বিজয়ী ভাৰতীয় দলটোৱে ১ জুলাইৰ নিশালৈ দ্বীপটো এৰিব পাৰিব। বিচিচিআইৰ সচিব জয় শ্বাহকে ধৰি বিচিচিআইৰ শীৰ্ষ বিষয়াসকলো সুৰক্ষিত ভ্ৰমণৰ অপেক্ষাত দ্বীপটোতে আছে। দক্ষিণ আফ্ৰিকাৰ দলটোৱে অৱশ্যে বিমানবন্দৰ বন্ধ কৰাৰ পূৰ্বে পুৱাই স্বদেশলৈ উৰা মাৰিছে। ইফালে, ক্ৰিকেট অনুৰাগীসকলো উদ্বিগ্ন হৈ পৰিছে । তেওঁলোকৰ বিমান বাতিল কৰা আৰু ৫ জুলাইলৈকে বিমান সংস্থাসমূহৰ কোনো আসন নোহোৱাৰ বাবে বিচলিত হৈছে।


আনহাতে হোটেলবোৰ উপকূলত থকাৰ বাবে প্ৰতিকূল বতৰৰ ভয়ত কোঠা সংৰক্ষণৰ ব্যৱস্থা কৰা নাই। এয়াৰ কানাডা, আমেৰিকান এয়াৰলাইনছ, কেৰিবিয়ান এয়াৰলাইনছ, ভাৰ্জিন আটলাণ্টিক আৰু জেটব্লুৰ অন্তিম খন বিমানে স্থানীয় সময় অনুসৰি আবেলি ৩.৩০ বজাত দ্বীপটো এৰিছে। বাকী বিমানবোৰ ঘূৰ্ণীবতাহৰ আশংকাত যাত্ৰা কৰিব পৰা নাই।

Leave A Reply