ডিব্ৰুগড়, ৩০ জানুৱাৰী: PANCHAYAT । অসম জাতীয় পৰিষদে পঞ্চায়ত নিৰ্বাচনক লৈ এক শক্তিশালী ৰণনীতি ঘোষণা কৰিছে। দলটোৱে দিনত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত ডিব্ৰুগড় জিলা সমিতিৰ যোগদান অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানত পৰিষদৰ নেতাসকলৰ ভাষণৰ সৈতে বিভিন্ন অঞ্চলৰ পৰা নতুন সদস্যসকলে পৰিষদত যোগদান কৰে।
লুৰিনজ্যোতি গগৈয়ে কয়- “পঞ্চায়ত নিৰ্বাচনলৈ অসম জাতীয় পৰিষদৰ সপষ্ট ৰণনীতি আছে। আমিৰ লক্ষ্য হ’ল ৰাজ্যৰ প্ৰতিটো গাঁৱত পৰিষদৰ আদৰ্শ আৰু লক্ষ্যক সুদৃঢ় কৰি সৰ্বসাধাৰণৰ মাজত অধিক সমৰ্থন আহৰণ কৰা।”
ডিব্ৰুগড়ৰ মঞ্চত উপস্থিত নেতাসকলৰ মতে, অসমৰ উন্নতিৰ বাবে শক্তিশালী আৰু একতাবদ্ধ নেতৃত্বৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । পঞ্চায়ত নিৰ্বাচনক লৈ পৰিষদৰ কৰ্মসূচী আৰু লক্ষ্য আগবঢ়োৱাৰ ঘোষণা কৰে । সেইমৰ্মে , বৰ্তমানৰ সৰ্বভাৰতীয় আৰু স্থানীয় চৰকাৰৰ কৰ্মপন্থাক সমালোচনা কৰে।
অসম জাতীয় পৰিষদৰ নেতাসকলে এই অনুষ্ঠানেৰে ৰাজ্যৰ জনগণক আহ্বান জনাইছে যাতে সঠিক নেতৃত্বৰে সমাজৰ সঠিক নিৰ্দেশানা দিয়ে।
ৰাজ্যত অনুষ্ঠিত হ’বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে ।
মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলবৎ হ’ব । শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিজৰ সাংগঠনিক নেতৃত্ব সলনি কৰি সমষ্টিয়ে সমষ্টিয়ে দল শক্তিশালী কৰাত ব্যস্ত হৈছে ।