আজমল ফাউণ্ডেচনৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা : ভেঞ্চাৰৰ বিদ্যালয়ৰ পৰা অৱসৰ লোৱা শিক্ষক-শিক্ষয়িত্ৰী, বিধবা তথা বিশেষ ভাৱে সক্ষম লোকসকলকো এককালীন সাহায্য প্ৰদান

 হোজাই, ১৯ নবেম্বৰঃ হোজাইৰ আজমৰ ফাউণ্ডেচনৰ উদ্যোগত NEET ২০২০ত সফলতা অৰ্জন কৰা ৮০ গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশে হোজাইৰ নজিৰ আজমল বি এড কলেজত অনুষ্টিত হয় সম্বৰ্ধনা অনুষ্টান। সম্বৰ্ধনা অনুষ্ঠানত আজমল চি এচ আৰৰ ন্যাসৰক্ষী সাংসদ মৌলানা বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমলৰ লগতে মূখ্য অতিথি হিচাপে উপস্থিত থাকে নগাওঁৰ সাংসদ প্ৰদ্যূৎ বৰদলৈ। অনুষ্ঠানত প্ৰাগ নিউজৰ মূখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, আঞ্চলিক গণমৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰ, বিশিষ্ট উপন্যাসিক তথা লেখক শিশা শৰ্মা, হোজাই জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়, হায়দ্ৰাবাদৰ ইংলিছ হাউচৰ আন্তৰাষ্ট্ৰীয় ট্ৰেইনাৰ মোৱাৰ জামান সহ অনান্য বিশিষ্ট ব্যক্তিবৰ্গ উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষত NEETত প্ৰথম স্থান পোৱা শ্বোৱেব আফতাবক উষ্ম আদৰনি জনোৱাৰ ওপৰিও এক লাখ থকাৰ চেক আগবঢ়ায়। আজমল চুপাৰ ৪০ আচঁনিৰ অন্তৰ্গত 2020 বৰ্ষৰ NEET আৰু JEEত সফলতা অৰ্জন কৰা ৮০ গৰাকী কৃতি শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনায়। ইয়াৰ ওপৰিও আজমল গ্ৰোপ অফ কলেগৰ অন্তৰ্গত নজিৰ আজমল বি এড কলেজৰ শিক্ষক গোটক ১.৫ লাখ টকা, আজমল সুপাৰ ৪০ শিক্ষক গোটক মুঠ ১০ লাখ টকা, মৰিয়ম আজমল ৱমেন কলেজৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ীত্ৰী সকলক ২০ হেজাৰকৈ সহায় আগবঢ়ায়।ফাউণ্ডেচনৰ উদ্যোগত হোৱা সম্বৰ্ধনা অনুষ্ঠানত ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি অৱসৰ লোৱা ৭৫ জন শিক্ষক-শিক্ষয়ীত্ৰিক ২০ হেজাৰকৈ এককালীন  সাহায্য, ১০ গৰাকী হিতাধীকাৰীক ঘৰ বনাবলৈ ২ লাখ টকাৰ সাহায্য, ২০ গৰাকী বিধবাক ৩৬ হেজাৰকৈ সাহায্য, বিশেষ ভাৱে সক্ষম ২৫ গৰাকী ব্যক্তিক ৩৬ হেজাৰ টকাৰ এককালীন সহায্য আগবঢ়ায়। অনুষ্টানত মৌলানা বদৰুদ্দিন আজমলে বিশেষ ভাৱে সক্ষম ২৫ গৰাকী সকলোকে ভবিষ্যতকৈলে ফাউণ্ডেনৰ অন্তৰ্গত হাম চিকিৎসালয়ত ১০০% চিকিৎসা সেৱা আগবঢ়াই যাব বুলি ঘোষনা কৰে। দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক চিকিৎসক আৰু ইঞ্জিনীয়াৰ হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল চুপাৰ৪০ আচঁনি। আজমল চুপাৰ৪০ য়ে আজি সৰ্বভাৰতীয় পৰ্য্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল চুপাৰ৪০ ৰ শিক্ষাৰ্থী সকলে এক অভুতপূৰ্ব সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে। আৰ্থিকভাবে পিছপৰা মেধা শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষা লাভ কৰাৰ সপোন বাস্তবায়িত কৰাৰ লক্ষৰে আজমল ফাউণ্ডেচনৰ উদ্যোগত আজমল চুপাৰ ৪০ আচঁনিৰ অন্তৰ্গত বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰাৰ লগতে জলপানীও দিয়া হৈছিল। আনহাতে আৰ্থিক ভাবে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰাদন কৰি তেওঁলোকৰ সপোন পূৰণৰ বাবে আহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে । আজমল চুপাৰ৪০ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফল স্বৰূপে মৰিয়ম আজমল ওৱেমন্স কলেজ অৱ আৰ্টছ পৰা চাইমা আব্দুল আহাদে দ্বিতীয় স্থান, মৰিয়ম আজমল কলেজ অৱ চায়েন্স এণ্ড টেকনোলজি কলেজৰ পৰা আচিফা নাজনিন লস্কৰে নৱম স্থান দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ ওপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজৰ পৰা চলিত বৰ্ষত চূড়ান্ত পৰীক্ষাত বন্দনা বৰাই প্ৰথম স্থান দখল কৰাৰ লগতে এছ ইয়াছমিন চুলতানাই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চলিত বৰ্ষত আজমল সুপাৰ ৪০ ৰ পৰা NEET 2020 ত ১৬০ গৰাকীৰ ভিতৰত ৮০ গৰাকী শিক্ষাৰ্থীয়ে সফলতা লাভ কৰাৰ ওপৰিও JEE (Mains) ত ২৭ গৰাকী ভিতৰত ১৮ গৰাকী আৰু JEE (Advance) ত ৭ গৰাকী শিক্ষাৰ্থীয়ে সফলতা লাভ কৰাৰ লগতে চলিত বৰ্ষতেই কৰণ উপাধ্যায়ে IIT স্থান সখল কৰিবলৈ সক্ষম হয়। যি আজমল চুপাৰ ৪০ ৰ বাবে এক গৌৰৱৰ বিষয়। আজমল সুপাৰ ৪০ ৰ এই অভুতপূৰ্ব সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল গ্ৰুপ অৱ কোম্পানীৰ CEO আমিৰ উদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, সিজাজুদ্দিন আজমল, চুপাৰ ৪০ ৰ বিষয়বৱীয়া তথা সচেতন মহল। আজমল ফাউণ্ডেচনৰ সঞ্চালক ড০ খছৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল চুপাৰ ৪০ ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিন-ৰাতি একাকাৰ কৰি পৰিশ্রম কৰা একান্ত প্ৰচেষ্টা, কৰ্তব্যপৰায়নতাৰ লগতে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা তথা অধ্যাৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। হোজাইৰ নজিৰ আজমল বি এড কলেজত অনুষ্টিত হোৱা সভাত আজমল ফাউণ্ডেচনে কৃতি শিক্ষাৰ্থী আৰু চুপাৰ ৪০ ৰ কৰ্মকৰ্তা সকলক জাপি, ফুলাম গামোছা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles