অসমৰ একাংশ জাতীয় – জনগোষ্ঠীয় সংগঠনৰ কোনো কোনো নেতাৰ ভণ্ডামী স্বৰূপ সৰ্বজন বিদিত । যি কোনো প্ৰকাৰে সংগঠনৰ শীৰ্ষ পদ গ্ৰহণ কৰি বিভিন্ন উৎসৰ পৰা অবাধ ধন সংগ্ৰহ কৰি নিজৰ স্বাৰ্থ সিদ্ধ কৰা এই সকল নেতাই জাতীয় সংগঠনক নেৰ্তৃত্ব দি দূৰ্নীতি , ছিণ্ডিকেট , অপশাসন আদিৰ বিৰুদ্ধে টেটু ফালি চিঞৰি নিজকে জাতীয়তাবাদী নেতাৰ শাৰীত নিয়াৰ প্ৰয়াসৰ পিছতে তেনে নেতাৰ কাৰ্যবোৰ যে প্ৰকৃততে এক ভণ্ডামীহে সেয়া প্ৰতিপন্ন হৈ আহিছে । শেহতীয়াকৈ এনে এজন নেতাৰ কাণ্ড ই সেই কথা সত্যতা নিৰূপণ কৰিলে । এটা জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদত থাকি নাগৰিকত্ব সংশোধনী আইন – ২০১৯ ৰ বিৰোধী আন্দোলনকে ধৰি অসমীয়া জাতি – জনগোষ্ঠীক প্ৰতাৰণা – প্ৰৱঞ্চনা – জাতিধ্বংসী কাৰ্যৰ লগতে অবাধ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ পৰৱৰ্তী সময়ত নৱগঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদকৰ পদ দখল কৰি বিধায়ক তথা মন্ত্ৰী হোৱাৰ সপোন বিফল হোৱাত এ জে পি ত্যাগ কৰি অৱশেষত সেই জাতিধ্বংসী ” কা ” অনা আৰু অবাধ ছিণ্ডিকেটৰ নায়ক বুলি তাতফাল কৰি অহা সকলৰ ওচৰতে শৰণাপন্ন হ’ল নাজিৰাৰ এসময়ৰ জাতীয়তাবাদী শিবিৰৰ নেতা সুবীৰ মেচ । যোৱা কালি নাজিৰা নগৰ খেল পথাৰত শাসকীয় দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত আনুষ্ঠানিক ভাৱে বি জে পিত যোগদান কৰাৰ পিছত সংবাদসেৱীৰ আগত ” ছিণ্ডিকেট কোন নেতাই নকৰে , মিছা কথাৰে জনগণক ভোলাব পৰাজনেই আচন নেতা , অসম তথা ভাৰতত এনে নাটক কৰিয়েই নেতা জনপ্ৰিয় হৈ প্ৰতিষ্ঠা লাভ কৰে ‘ এই বুলি কৌতুহল মন্তব্য প্ৰকাশ কৰে ন বি জে পি সুবীৰ মেচে । নিৰ্বাচনী প্ৰচাৰ সভাখনত যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সুবীৰ মেচক গামোচা পিন্ধাই বি জে পি দললৈ আদৰণি জনায় ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়