Breaking

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জে পি পি দলক অভিনন্দন ‘অসম জাতীয় পৰিষদৰ’৷

0 38

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জে পি পি দলক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতি যোগে দেউৰী পৰিষদৰ নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী নৱনিৰ্বাচিত পাৰিষদক অভিনন্দন জনাই কয় যে শাসনাধিষ্ঠিত দল বিজেপিয়ে ভীষণ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ পিছতো জে পি পি দলে ২২খনৰ ৭ খন আসন দখল কৰিব পৰাটো আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থাৰ কথা সূচায় আৰু সেই দৃষ্টিকণত জে পি পি দলটোক সকলোৱে অভিনন্দন জনোৱা উচিত৷

Leave A Reply

Your email address will not be published.