Breaking

অসমীয়া চিনেমা বিদুৰভাই উপভোগ কৰিলে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে…

0 20

বহু চৰ্চিত অসমীয়া ছবি বিদুৰভাই উপভোগ কৰিলে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিদুৰভাই উপভোগ কৰি সামাজিত মাধ্যমত লুৰিণজ্যোতি গগৈয়ে মনৰ অনুভৱ প্ৰকাশ কৰিলে।

তেওঁ কয় যে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা অসমীয়া চিনেমা বিদুৰভাই উপভোগ কৰিলোঁ আজি। চিনেমাখন উপভোগ কৰি অভিভূত হ’লো৷ সামাজিক চেতনাৰে উদ্বুদ্ধ কাহিনীৰে সমৃদ্ধ ‘বিদুৰভাই’ক এখন সফল চিনেমা হিচাপে দৰ্শকে ইতিমধ্যেই স্বীকৃতি দিছে৷ চিনেমা এখন ৰসোত্তীৰ্ণ হ’বলৈ প্ৰয়োজনীয় প্ৰতিটো দিশতে মনোযোগ দিছে চিনেমাখনৰে জড়িত প্ৰতিগৰাকী কলা-কুশলীয়ে৷ তেওঁলোক আটাইলৈ আমাৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ৷ চিনেমা উপভোগ কৰি এইদৰে কয় AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

শেহতীয়াকৈ বিদুৰভাই ছবিখনে BLOCKBUSTER তালিকাত নিজৰ অন্তভুক্ত কৰিছে। Box Officeত ১০.১০ কোটি টকা উপাৰ্জন কৰিলে বিদুৰভাইয়ে।

Leave A Reply

Your email address will not be published.