Breaking

AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ

53

নাজিৰাত অ’এনজিচিৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ পৰিষদ বিক্ষোভ(AJYCP protests against ONGC)

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ২০ ছেপ্টেম্বৰঃ মহাৰত্ন তৈল-গেছ ঔদ্যোগিক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ অধীনস্থ কেইবাটাও অধিক লাভজনক উৎপাদনক্ষম খনন ৰিগ বহিৰাগত পুঁজিপতি কোম্পানীক ঠিকাভিত্তিক গতাই দিয়া, অ’এনজিচিয়ে থলুৱাবিৰোধী নীতি বৰ্জন কৰা, নিগমত খালী পদসমূহত শীঘ্ৰে থলুৱা নিবনুৱাক নিযুক্তি দিয়া আদিকে ধৰি চাৰিদফীয়া দাবী শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত(AJYCP protests against ONGC)বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অ’এনজিচি অসম সম্পদত থলুৱাবিৰোধী নীতি বন্ধ কৰক, লাভজনক খনন ৰিগ বহিৰাগত পুঁজিপতি কোম্পানীক ঠিকাভিত্তিক গতাই দিয়া কাৰ্য প্ৰত্যাহাৰ কৰক, বিভিন্ন বিভাগৰ খালী হৈ থকা বিভিন্ন পদত এশ শতাংশ থলুৱা নিবনুৱাক নিযুক্তি প্ৰদান কৰক আদি অ’এনজিচিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান, ধৰ্ণাৰে উত্তাল কৰি তোলে৷ (ONGC)

গণ বিক্ষোভ কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল চেতিয়া, কেন্দ্ৰীয় কাৰ্যকৰী সদস্য কুলপ্ৰসাদ শইকীয়া, শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰ আদিকে ধৰি ভালেকেইজনে অ’এনজিচি অসম সম্পদৰ থলুৱাবিৰোধী নীতিক তীব্ৰ সমালোচনা কৰি এই নীতি বন্ধ কৰাৰ দাবী জনাই বক্তব্য আগবঢ়ায়৷ পৰিষদৰ শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা, লাকুৱা, গেলেকী, ডিমৌ, গৌৰীসাগৰ, আমগুৰি আদি বিভিন্ন আঞ্চলিক সমিতিৰ সহস্ৰাধিক যুৱক, মহিলা পৰিষদৰ সদস্যই অংশগ্ৰহণ কৰা গণ বিক্ষোভ কাৰ্যসূচীৰ পৰিষদে উত্থাপন কৰা উক্ত দাবী শীঘ্ৰে কাৰ্যকৰী নকৰিলে অনাগত সময়ত নিগম বন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক প্ৰদান কৰা স্মাৰক-পত্ৰত৷(Nazira)

Comments are closed.