মন্ত্ৰী-বিষয়া নাযায় য’ত অখিল গগৈ ত’ত! ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বংকুৱালৰ বান পৰিস্থিতি পৰিদৰ্শন…

যোৱা এক জুলাইত ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বংকুৱালৰ মথাউৰি ভাঙি পেলোৱাৰ ফলত অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছে বোকাখাত বিধান সভা সমষ্টিৰ উত্তৰ মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ গাওঁ সমুহত৷উক্ত দুখন পঞ্চায়তৰ ৰাইজৰ দুখ দুদৰ্শাৰ খৱৰ লবলৈ আজি উত্তৰ মহুৰা আৰু দিচৈৰ গাওঁ সমুহ পৰিদৰ্শন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷প্ৰথমে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে বৰতল চাৰিআলিত ৰাইজৰ সতে মত বিনিময় কৰাৰ পিছতে বৰতল দিচৈ পঞ্চায়ত সংযোগী পথেৰে দুই কিলো মিটাৰ পথ খোজ কাঢ়ি মিৰিকা মিৰি পথ বংকুৱাল কৃষিবান্ধ সংযোগী পথটোৰ বানে উটুৱাই নিয়া অংশ সমুহ পৰিদৰ্শন কৰি নিকৰি ধনশিৰি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ উটুৱাই নিয়া অংশ পৰিদৰ্শন কৰে৷ইয়াৰ পিছতে বালিচাপৰি,উজনি বংকুৱাল,বংকুৱাল ওখ ভেটি,বৰটিকা,অফলা আদি অঞ্চলৰ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয়৷পৰিদৰ্শনৰ সময়ত গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা,কৃষি,পশুপালনকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাক কঠোৰ সমালোচনা কৰে৷

তেওঁ সাংবাদিকেৰে হোৱা সাক্ষাতকাৰ কয়, “বংকুৱালত এতিয়া যুদ্ধ বিধস্তৰ দৰে এখন ছবি৷যুদ্ধৰ পিছত যেন চাৰিওপিনে ধংসস্তুপ৷বংকোৱালত মথাউৰি ভঙাৰ ফলত হোৱা বানৰ প্ৰৱল সুতত ভাঙি পৰা মিৰিকা মিৰি পথটো সম্পূৰ্ণ বিধবস্ত হৈ পৰিছে উক্ত পথটোৰ লগতে মহুৰামুখৰ পৰা দিচৈ গাওঁ পঞ্চায়ত সংযোগী পথ আৰু বানপানীয়ে বিধবস্ত কৰা পথ সমুহ অতিশীঘ্ৰে পুনৰ নিৰ্মাণৰ কৰা,বংকুৱাল মথাউৰিৰ ভঙা অংশ অনতিপলমে নিৰ্মাণ,বানপীড়িত ৰাইজক উচিত মতে বান সাহায্য,প্ৰতিটো পৰিয়ালক দুখনকৈ তিৰপাল,উচিত স্বাস্থ্য সেৱা,বিশুদ্ধ খোৱা পানী,বংকুৱাল মথাউৰি ভঙাৰ ফলত মৃত্যু হোৱা কিশোৰ দুগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া, অনাময় আদি ব্যৱস্থাৰ লগতে কৃষিজীৱী ৰাইজৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা গৰু,ম’হ,গাহৰি বানত উটি যোৱা অথবা মৃত্যু হোৱা আদিৰ উচিত ক্ষতিপূৰণ দিবৰ বাবে দাবী উত্থাপন কৰিছো৷” ইফালে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, “বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বান পীড়িত অঞ্চললৈ গৈ ৰাইজৰ দুখ দুদৰ্শাৰ খৱৰ নলৈ একাঠু পানীত নামি ছেল্ফি লৈ টিভিত উলাই নিজকে ৰাইজৰ সেৱক বুলি প্ৰতিপন্ন কৰাৰ ছেষ্টা কৰাৰ বাহিৰে প্ৰকৃত ছবিখন তুলি নধৰে৷” জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাকো আক্ৰমণ কৰি তেওঁ চুট বুট মন্ত্ৰী বুলি কৈ সকলো ক্ষেত্ৰতে উফাইদাং মাৰি সকলো বিষয় ৰাজনীতি কৰাৰ চেষ্টা কৰে বুলি উল্লেখ কৰে৷স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক নিজ সমষ্টিতে কৃষকৰ বুকুৰ আপোন পশুধনৰ লগতে ৰাইজ বানত ককবকাই থকাৰ পিছতো তৎপৰতা দেখুৱা নাই বুলি উল্লেখ কৰে৷উল্লেখযোগ্য যে গগৈয়ে পৰিদৰ্শন কৰা সময়ত প্ৰতি খন গাৱঁৰ বৃদ্ধ,মহিলা,যুৱকৰ স’তে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা আৰু অভাৱ অভিযোগৰ বুজ লয়৷অন্যহাতে অঞ্চল সমুহৰ ৰাইজে অখিল গগৈক ধন্যবাদ জনায় বাৰিষা হোৱাৰ পৰা নিদিষ্ট এটা অঞ্চলৰ পৰাই মন্ত্ৰী মদাগৰ সকলে বান চাই ঘুৰি যোৱাৰ পৰিৱৰ্তে তেখেত প্ৰতিখন গাৱঁৰ ৰাইজৰ কাষলৈ গৈ ৰাইজৰ দুখৰ সমভাগী হোৱা বাবে৷

Related Articles