Breaking

চুলাই মদৰ বিৰুদ্ধে গোলকগঞ্জৰ শৌলমাৰীত আক্ৰাছুৰ অভিযান…

0 12

গোলকগঞ্জৰ শৌলমাৰীত চুলাই মদৰ বিৰুদ্ধে আক্ৰাছুৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে আক্ৰাছুৱে। শৌলমাৰী আৰক্ষীৰ সহযোগত এক হাজাৰ লিটাৰ চুলাই মদ বিনষ্ট কৰে আক্ৰাছুৱে। দীৰ্ঘদিনৰ পৰা টম ৰায়ৰ ঘৰত চলি আছিল চুলাই মদৰ ৰমৰমীয়া বেহা। টম ৰায়ৰ ঘৰৰ কাষতে আছে দুখনকৈ স্কুল (প্ৰাথমিক আৰু এম ই)।

নতুন প্ৰজন্মক ধ্বংস কৰা আৰু পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ আক্ৰাছুৰ। আৰক্ষী সৈতে সু-সম্পৰ্ক টম ৰায়ৰ বুলিও অভিযোগ তুলিছে আক্ৰছুৱে। টম ৰায়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও গোলকগঞ্জ আৰক্ষীক দাবী জনায় আক্ৰাছুৱে।

Leave A Reply