Breaking

Akshay Kumar Announces Horror Comedy Movie: জন্মদিনত নতুন ভয়ানক হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

24

আজি ৫৭ সংখ্যক জন্মদিন উদযাপন কৰা অক্ষয় কুমাৰৰ এই বিশেষ দিন উপলক্ষে আন এখন নতুন হৰৰ কমেডী ছবিৰ ঘোষণা কৰে। ছবিখনৰ ঘোষণাৰ সমান্তৰালকৈ ইয়াৰ ফাৰ্ষ্ট লুকো মুকলি কৰা হৈছে।(Akshay Kumar Announces New Horror Comedy Movie)

বলীউডৰ খিলাদি অক্ষয় কুমাৰৰ আজি জন্মদিন। আজি ৫৭ সংখ্যক জন্মদিন উদযাপন কৰিছে অক্ষয় কুমাৰে। এই দিনটোতে তেওঁ এক বিশেষ অনুষ্ঠানত ঘোষণা কৰিছে আন এখন নতুন হৰৰ কমেডী ছবি। যদিও অক্ষয় দীৰ্ঘদিন ধৰি ফ্লপ ছবিৰ সন্মুখীন হৈ আহিছে, কিন্তু এই নতুন হৰৰ কমেডী ছবিখনৰ ঘোষণাৰ লগে লগে তেওঁৰ লগতে তেওঁৰ অনুৰাগীৰ বাবে বহু আশাৰ সঞ্চাৰ হৈছে। ছবিখনৰ নতুন পোষ্টাৰ এখনো মুকলি কৰা হৈছে, পোষ্টাৰ খনো অতি আকৰ্ষণীয় হৈছে।(Akshay Kumar Announces New Horror Comedy Movie)

নীলা ৰঙৰ চুট পিন্ধি থকা দেখা গৈছে পোষ্টাৰখনত অক্ষয়ক। লগতে তেওঁৰ হাতত গাখীৰৰ বাটি এটা দেখা যায় আৰু কান্ধত ক’লা মেকুৰী এটা বহি আছে। ইয়াৰ উপৰিও তেওঁৰ পিছফালে এটা ডাঙৰ ভয়ংকৰ বাংলোও দেখা গৈছে। এই ছবিখনৰ নাম ‘ভূত বাংলা’, যিখন ছবি অক্ষয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে।

লগতে পঢ়কঃ Director Vasan Bala Apologized To Shraddha Kapoor: আলিয়া ভাটৰ জিগ্ৰাৰ পৰিচালকে ক্ষমা খুজিলে শ্ৰদ্ধা কাপুৰক

জন্মদিনৰ বিশেষ উপলক্ষে অক্ষয়ে নিজৰ ইনষ্টাগ্ৰামত ছবিখনৰ কথা ঘোষণা কৰি এটা পোষ্ট লিখিছিল, ‘প্ৰতি বছৰে মোৰ জন্মদিনত আপোনালোকে দিয়া মৰমৰ বাবে বহুত বহুত ধন্যবাদ! এইবাৰ ‘ভূত বাংলা’ৰ প্ৰথম ৰূপেৰে উদযাপন কৰিছোঁ। ১৪ বছৰৰ পাছত আকৌ এবাৰ প্ৰিয়দৰ্শনৰ সৈতে কাম কৰাৰ সুযোগ পাইছো আৰু মই অতিশয় উৎসাহিত হৈছো। আমাৰ দুয়োৰে বাবে এইটো এটা অতি বিশেষ প্ৰজেক্ট আৰু আমি এই যাত্ৰা আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ ৰৈ থাকিব নোৱাৰো। যাদুৰ জগতত থাকক!’।

২০২৫ চনত মুক্তি পাব পাৰে অক্ষয় আৰু প্ৰিয়াদৰ্শনৰ এই ছবিখন আৰু অতি সোনকালে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। সূত্ৰ অনুসৰি প্ৰযোজকসকলে এই প্ৰজেক্টৰ বাবে অক্ষয় কুমাৰৰ সৈতে কৰীনা কাপুৰ খানক কাষ্ট কৰাৰ কথা চিন্তা কৰিছে।

লগতে পঢ়কঃ Zubeen Garg Sikaar: আহি আছে চিকাৰ! চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ

Comments are closed.