Breaking

টীয়কত সংগীত শিল্পীক খাদ্যৰ টোপোলা প্ৰদান অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ

0 1,524

বিগত দুটা বছৰেই অসমত ক’ৰণা মহামাৰীৰ সংহাৰ।মাৰাত্মক ভাইৰাছ বিধৰ  সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জনতাৰ ওপৰত বান্ধি দিলে কিছু নীতি নিৰ্দেশনা।সময়ে সময়ে কেতিয়াবা সম্পূৰ্ণ লকডাউন আন কেতিয়াবা আংশিক লক ডাউন দিবলৈ বাধ্য হল চৰকাৰ।অসম ৰাইজেও মানি ললে চৰকাৰ প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা বৰ্তমানলৈকে সম্পূৰ্ন স্বাভাৱিক হোৱা নাই অসমৰ পৰিবেশ।এই দুটা বছৰে অসমত অনুষ্ঠিত হোৱা নাই কোনো ধৰণৰ সংস্কৃতিক কাৰ্যসূচীৰ অনুষ্ঠান।ফলত আৰ্থিক ভাৱে লাহে লাহে  দুৰ্বল হোৱা দেখা গল সংস্কৃতিক ক্ষেত্ৰ খনৰ লগত জড়িত শিল্পী  সকল। সংবাদ মাধ্যমে বহুবাৰ বাতৰি প্ৰকাশ কৰিছিল এই শিল্পী সকল আৰ্থিক ভাৱে জুৰুলা হোৱাৰ।কিন্তু  শিল্পী সকলৰ এনে দুৰ্দশাৰ সময়তে কিছু সহায় কৰাৰ মানসেৰে আগ বাঢ়ি অহা দেখা গল এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংস্থাক। নাম অক্ষয় পাত্ৰ। টীয়কত অক্ষয় পাত্ৰ ফাউণ্ডেশ‍্যনে সদৌ অসম আধ্যাত্মিক শিল্পী সমাজৰ উদ্যোগত বৰ্তমান কভিড সৃষ্ট পৰিবেশত বাৰুকৈ ক্ষতিগ্ৰস্থ হোৱা টীয়কৰ নবীন প্ৰবীন প্ৰায় ৫০ জন সংগীত শিল্পীলৈ খাদ্যৰ টোপোলা বিতৰণ  কৰে।টীয়কৰ বৰা বজাৰ প্ৰাংগণত সমবেত হোৱা শিল্পী সকলৰ মনৰ ভাব বুজ লোৱা এক অনুষ্ঠানত যোৰহাট ৰটাৰী ক্লাৱৰ সভাপতি তথা অক্ষয় পাত্ৰ ফাউণ্ডেশ‍্যনৰ প্ৰতিস্থাপক সদস্য সন্তোষ ৰঞ্জন তামুলী,অক্ষয় পাত্ৰৰ সহকাৰী কাৰ্য‍্যকৰী পৰিচালক নিৰূপম মল্লিক,প্ৰাগ news ৰ উজনী অসমৰ ব্যুৰ চীফ উৎপল বৰা,টীয়কৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া,ভাওনা শিল্পী কৃষ্ণপদ কলিতাৰ লগতে বৰা বজাৰৰ স্বত্বাধিকাৰ ধ্ৰুৱ বৰা উপস্থিত থাকি শিল্পী সকলক প্ৰদান কৰে একোটাকৈ খাদ্যৰ টোপোলা।উল্লেখযোগ্য যে অক্ষয় ফাউণ্ডেশ্যনে বিগত সময়ত অসমৰ বিভিন্ন অঞ্চলত লক ডাউনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা বিভিন্নজনলৈ সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।ইপিনে যোৰহাটত প্ৰতিদিনে প্ৰায় ৫০,০০০ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ মধ্যাহ্ন ভোজন যোগানৰ ব্যৱস্থা হাতত লৈছে অক্ষয় পাত্ৰই আৰু অতি সোনকালে কভিডৰ ভয়াবহ পৰিস্থিতিৰ সাম কটাৰ সমান্তৰালকৈ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে সংস্থাৰ বিষয় ববীয়াই।

Leave A Reply

Your email address will not be published.