Alcohol: হুইস্কি, ভদকা, বিয়েৰ, ৰাম: ভাৰতত কোনবিধ সুৰা আটাইতকৈ জনপ্ৰিয়?

ভাৰতীয়ৰ সমাজত মদ্যপানৰ অভ্যাস ক্ৰমান্বয়ে বৃদ্ধি পাইছে (Alcohol)। পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ শেষৰ ফালে দেশত মুঠ মদ্যপানৰ পৰিমাণ প্ৰায় ৬২ কোটি ১০ লাখ লিটাৰ আৰু বজাৰ মূল্য প্ৰায় ৫৬ হাজাৰ বিলিয়ন ডলাৰ হ’ব। ২০২০ চনত মুঠ মদ্যপানৰ পৰিমাণ আছিল ৫ বিলিয়ন লিটাৰ।

কিন্তু বিভিন্ন প্ৰকাৰৰ সুৰাৰ ভিতৰত কোনটো মদ ভাৰতীয়ই আটাইতকৈ বেছিকৈ সেৱন কৰিছে?

শেহতীয়া খবৰ অনুসৰি ভাৰতৰ আটাইতকৈ জনপ্ৰিয় সুৰা হিচাপে হুইস্কিয়ে শীৰ্ষস্থান দখল কৰিছে। প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ভিতৰত ভাৰতত ৬০ শতাংশতকৈ অধিক লোকে কেৱল হুইস্কি সেৱন কৰিছে।

নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰ ক্ৰমবৰ্ধমান ৰুচি, উচ্চ ক্ৰয় ক্ষমতা আৰু ঘৰুৱা হুইস্কিৰ চাহিদা এই বৃদ্ধিৰ মূল কাৰণ। কেৱল ঘৰুৱা বজাৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰতো ভাৰতীয় হুইস্কিয়ে দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰিছে। ইন্দ্ৰি, ৰামপুৰ, গোদাৱনৰ দৰে ব্ৰেণ্ডেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বঁটা লাভ কৰি আহিছে।(Popular Alcohol in India)

ভলিউমৰ হিচাপত ভাৰত এতিয়া স্কচ হুইস্কিয়ে বিশ্বৰ সৰ্ববৃহৎ বজাৰ দখল কৰিছে। ২০২৪ চনৰ প্ৰথম ছমাহত ভাৰতৰ হুইস্কিৰ ৰপ্তানি ২৬ শতাংশ বৃদ্ধি পাই প্ৰায় ৮ কোটি ডলাৰ হয়।

ভাৰতৰ হুইস্কিৰ বজাৰৰ মূল্য আছিল ২০২৩ চনত ২,১১৩ কোটি ডলাৰ। ২০২৪ চনৰ পৰা ২০৩০ চনৰ ভিতৰত ইয়াৰ বাৰ্ষিক হাৰত ৪.৬১ শতাংশ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে আৰু ২০৩০ চনত ইয়াৰ বজাৰ মূল্য প্ৰায় ২,৮৯৭ বিলিয়ন ডলাৰ হোৱা সম্ভাৱনা।

আনহাতে, একে সময়ছোৱাত ভ’ডকাৰ বজাৰখনে বাৰ্ষিক ৯.৩৪ শতাংশ বৃদ্ধিৰ হাৰত প্ৰায় ২৪৭৮ মিলিয়ন ডলাৰত উপনীত হোৱাৰ সম্ভৱনা। এই সকলোবোৰ পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ ভিতৰতে হুইস্কি আটাইতকৈ জনপ্ৰিয় সুৰা।

Related Articles