Alia Bhatt: বিয়াৰ গোলাপী ৰঙৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধিলে অভিনেত্ৰী আলিয়া ভাটে

অনুৰাগীৰ মনত তেনে এক প্ৰশ্ন, পুৰণি কাপোৰ পিন্ধা বাৰে বাৰে কিয় আলিয়াক দেখা যায়? বিয়াৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধা দেখা গ’ল আলিয়া ভাটক! নতুন কাপোৰ পিন্ধি কোটিপতি হোৱাৰ অনিচ্ছা কিয় আলিয়াৰ?(Alia Bhatt)


মনীষ মালহোত্ৰাৰ দীপাৱলী অনুষ্ঠানত যেতিয়া বলীউদৰ সকলো অভিনেত্ৰীক জিলিকি থকা নতুন সাজ-পোছাক পিন্ধি কেমেৰাত সন্মুখত থিয় দিছিল, তেতিয়া আলিয়া ভাটে তেওঁৰ বিয়াৰ মেহেন্দী অনুষ্ঠানত পিন্ধা গোলাপী ৰঙৰ লেহেংগা পিন্ধি অহা দৃশ্যটোৱে বাকী অভিনেত্ৰীৰ সৌন্দৰ্য যেন ম্লান পেলাই। বিশেষ অনুষ্ঠানত পুৰণি কাপোৰ পিন্ধা অভিনেত্ৰীগৰাকীক দেখি ফেশ্বনিষ্টসকলৰ মাজত কথা-বতৰাৰ অন্ত নাই। (manish malhotra)

এইবাৰো প্ৰতি বছৰৰ দৰে দীপাৱলীৰ আগতে বি-টাউনৰ তাৰকাসকলে পোহৰৰ উৎসৱ উদযাপন কৰিছে। আৰম্ভনি যেন কৰিলে সাজ-পোছাক ডিজাইনাৰ মনীষ মালহোত্ৰাই। তেওঁ আয়োজিত দীপাৱলী পাৰ্টিত বলীউদৰ প্ৰায় সকলো তাৰকা উপস্থিত হয়। সকলোৰে কাপোৰ-কানি আচৰিত ধৰণৰ আছিল। সেই অনুষ্ঠানত যেতিয়া সকলো অভিনেত্ৰীক জিলিকি থকা নতুন কাপোৰত দেখা গৈছিল তেতিয়া, আলিয়াক মেহেন্দী গোলাপী ৰঙৰ লেহেংগা পিন্ধি দেখা দিছিল।(alia bhatt repeats her mehndi lehenga for manish malhotras diwali party)

সাজ-পোছাকৰ ক্ষেত্ৰত আলিয়া সদায় বিনয়ী। বিয়া হওক বা দীপাৱলী পাৰ্টি হওক, কেতিয়াও মেকআপৰ বেছি নকৰে। দীপাৱলী পাৰ্টিতো আলিয়াই গোলাপী ৰঙৰ লেহেংগাৰ সৈতে পাতল মেকআপ কৰিছিল।

আলিয়াৰ মেহেন্দী পোছাকযোৰ তেওঁৰ বৰ প্ৰিয়। আলিয়াৰ বাবে এই লেহেংগা বনাবলৈ শিপিনী সকলে প্ৰায় ৩০০০ ঘন্টা সময় লাগিছিল। লেহেংগাখৰ গোটেই ঠাইতে প্ৰকৃত সোণ আৰু ৰূপৰ ফুলৰ ডিজাইন আছে। (mehndi lehenga)

বলীউডৰ আগশাৰীৰ অভিনেত্ৰীসকলে সাধাৰণতে একেটা সাজ-পোছাক দুবাৰকৈ পৰিধান নকৰে। কিন্তু এটা টক শ্ব’ত আলিয়াই কয় যে তাই বাৰে বাৰে পুৰণি কাপোৰ পিন্ধে। এই কথা সঁচা বুলি প্ৰমাণ আগতে পোৱা গৈছে। ইয়াৰ পূৰ্বে আলিয়াই ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ সময়ত বিবাহৰ শাৰী পিন্ধিছিল। ৰাষ্ট্ৰীয় বঁটা লাভৰ দিনটো আলিয়াৰ বাবে বিয়াৰ দিনটোৰ দৰেই বিশেষ। সেয়ে নায়িকাগৰাকীয়ে এনে সাজ-পোছাক বাছি লৈছিল।(bollywood actress alia bhatt)

Related Articles