দ্বিতীয় আলিয়া ভাট! কোন এইগৰাকী অসমৰ আলিয়া ভাট?

দেখাত সাইলাখ আলিয়া ভাট! প্ৰায় একেই ৰূপ, একেই সৌন্দৰ্য। শেহতীয়াকৈ ইণ্টাৰনেটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই যুৱতী গৰাকী। আলিয়া ভাটৰ দৰে দেখাত সাইলাখ এই যুৱতী গৰাকী অসমৰ চেলেষ্টী বৈৰাগী বুলি জানিবলৈ পৰা গৈছে। ইতিমধ্যে, বলিউডৰ অভিনেত্ৰী আলিয়া ভাটৰ দৰে দেখাত একে হোৱাৰ বাবে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে চেলেষ্টী বৈৰাগী।

চেলেষ্টী বৈৰাগীক বহুতে এতিয়া দ্বিতীয় আলিয়া ভাট বুলি অভিহিত কৰিছে। কেৱল ইনষ্টাগ্ৰামতে নহয়, চেলেষ্টী বৈৰাগীক ইউটিউবত Vlog আৰু চুটি ছবি কৰাও দেখা যায়। আৰু আলিয়া ভাটৰ সৈতে সাদৃশ্য থকা এই যুৱতী গৰাকীৰ ইনষ্টাগ্ৰামত ৩ লাখৰো অধিক অনুৰাগী আছে। উল্লেখ্য যে, চেলেষ্টী বৈৰাগীয়ে গঙ্গুবাই কাঠিয়াৱাড়ীৰ ফিল্মী গেট আপত অভিনয় কৰি ইনষ্টাগ্ৰামত ৰিল পোষ্ট কৰাৰ পিছতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

Related Articles