পাপাৰাজীয়ে গোপনে কেমেৰাত বন্দী কৰিছে ৰণবীৰ-আলিয়াৰ কণমানিজনীৰ।চিকিৎসালয়ৰ পৰা ৰিলিজ হ’ল আলিয়া !

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ  পিতৃ-মাতৃ হোৱা খবৰটো ওলোৱাৰ পাছৰে পৰা আলিয়া আৰু কনমানি ছোৱালীজনীৰ প্ৰথম আভাস চাবলৈ সকলোৱে আগ্ৰহী হৈ পৰিছে। আজি আলিয়াক হস্পিতালৰ পৰা ৰিলিজ দিয়া হৈছে যদিও কন্যাৰ মুখখন দেখুৱাৰ পৰা দুয়ো দম্পতী বিৰত আছিল।  কিন্তু পাপাৰাজীয়ে গোপনে কণমানিজনীক কেমেৰাত বন্দী কৰিছে। 

আচলতে এনে খবৰ ইতিমধ্যে আহিছিল যে আলিয়া-ৰণবীৰে হস্পিতালৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ কেঁচুৱা ছোৱালীজনীৰ মুখখন দেখুৱাব নোৱাৰিব। এই বাতৰিবোৰত অনুৰাগীসকল অতি দুখী হৈছিল যদিও বহুতে আশা কৰিছিল যে দুয়োজনে কন্যাৰ আভাস দেখুৱাব। অৱশ্যে তেওঁলোকৰ সিদ্ধান্তত আঁঠু লৈ আলিয়া-ৰণবীৰে কেমেৰাৰ আগত প’জ নিদিয়াকৈ  যাবলৈ ধৰে।
একে সময়তে আলিয়া-ৰণবীৰৰ গাড়ীখন চিকিৎসালয়ৰ পৰা ওলাই অহা দেখি পাপাৰাজীয়ে ফটো তুলিবলৈ আৰম্ভ কৰিলে। বহুতে গোপনে আলিয়া-ৰণবীৰৰ ভিতৰৰ ফটো তুলিছিল। এই ফটোবোৰত দেখা গৈছিল কনমানিজনী দেখা গৈছিল দেউতাকৰ কোলাত। ৰণবীৰে কোলাত লৈ বগা ৰঙৰ বেবী বেডিং এখনেৰে আলফুলে ঢাকি ৰাখিছিল সন্তানক। চাওক দেউতাক ৰণবীৰৰ সৈতে কনমানিজনীৰ ভাইৰেল ছবি-

উল্লেখযোগ্য যে ৭ অক্টোবৰত আলিয়াই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰিছিল তেওঁ সন্তানক লৈ তেওঁৰ ঘৰলৈ আহিব। এতিয়ালৈকে তেওঁ  ছোৱালীজনীৰ মুখখন দেখুৱাও নাই আৰু তেওঁৰ নামৰ সন্দৰ্ভতো কোনো ঘোষণা কৰা নাই। এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে যে কেতিয়া এই দম্পতীহালে নিজৰ কন্যাৰ প্ৰথম আভাস বিশ্ববাসীক দেখুৱাব।

Related Articles