Alia bhatt: এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ ৰোগত আক্ৰান্ত আলিয়া ভাট!

Date:

বৰ্তমান ‘জিগ্ৰা’ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰী আলিয়া ভাট। ইফালে আলিয়া ভাট ‘এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ’ত ভুগিছে!শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে কয় যে তেওঁ ‘এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ’ত আক্ৰান্ত। (alia bhatt)

বৰ্তমান ‘জিগ্ৰা’ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰী আলিয়া ভাট। ইফালে তেওঁ ক’লে বিৰল ৰোগৰ কথা ক’লে। এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজেই ক’লে যে ‘এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ’ ৰোগত আক্ৰান্ত।(jigra)

আলিয়াই নিজৰ বিয়াৰ দিনটোৰ কথা মনত পেলাই অনুৰাগীৰ সৈতে এটা কথাও শ্বেয়াৰ কৰে। আলিয়াই ক’লে, “মোৰ বিয়াৰ দিনা মোৰ মেকআপ আৰ্টিষ্ট পুনিতে কৈছিল, আলিয়া, এইবাৰ তুমি মোক দুঘণ্টা সময় দিব লাগিব। মই তেওঁক কলো, তুমি চাকৰি হেৰুৱাবা। মই তোমাক কেতিয়াও দুঘণ্টা নিদিওঁ। মই মোৰ বিয়াখন ভালদৰে উপভোগ কৰিব বিচাৰো।” সাক্ষাৎকাৰটোত আলিয়াই তেওঁৰ মেকআপ আৰ্টিষ্টক কয়, ”মই মেকআপ চকীখনত ৪৫ মিনিটতকৈ বেছি সময় বহিব নোৱাৰো। সোনকালে আঁতৰাব পৰা মেকআপ প্ৰয়োগ কৰা। মোৰ ‘Attention Deficit Disorder’ আছে, গতিকে কোনো কামতে বেছি সময় কটাবলৈ ভাল নাপাওঁ। যি কৰিব লাগে, সোনকালে কৰিব লাগে।”

আলিয়াৰ স্বীকাৰোক্তিৰ পিছত তেওঁৰ অনুৰাগীৰ মনত এটা প্ৰশ্ন উত্থাপন হ’ল আৰু সুধিলে যে এটেনচন ডেফিচিট ডিছঅৰ্ডাৰৰ বেমাৰটো কি হয়? আচলতে Attention Deficit Hyperactivity Disorder হৈছে মগজুৰ লগত জড়িত এক বিকাৰ। শিশুৰ আচৰণৰ কিছুমান পৰিবৰ্তন শৈশৱৰ পৰাই লক্ষ্য কৰিব পাৰি। তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ আৰু মনোযোগৰ অভাৱ, অতি সক্ৰিয়তা দেখা যায়। এই ক্ষেত্ৰত শিশুসকল অতি আৱেগিক হৈ পৰে। বয়সৰ লগে লগে এই লক্ষণসমূহ স্থায়ী হৈ থাকে।(Attention-Deficit Disorder)

শিশুৰ আৰু কি কি লক্ষণৰ প্ৰতি পিতৃ-মাতৃয়ে সাৱধান হ’ব লাগে-

১. অধ্যয়নত একাগ্ৰতাৰ অভাৱ আৰু দৈনন্দিন কাম-কাজত অসাৱধানতা

২. বহু সময় থিয় হৈ বহিব নোৱাৰা

৩. সকলো সময়তে বেলেগ হৈ থকা

৪. ফিজিটি, অস্থিৰ আৰু সহজে বিৰক্ত

৫. অত্যধিক কথা কোৱা, কথা কওঁতে আনৰ বাধা দিয়াৰ প্ৰৱণতা

৬. ধৈৰ্য্য ধৰি ৰৈ থাকিব নোৱাৰি

Popular

More like this
Related

Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Arvind Kejriwal: কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে

আপ নেতা গোপাল ৰায়ৰ মণ্ডল প্ৰভাৰীসকলক সম্বোধন।কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে।(Arvind Kejriwal)

Assam Heat Wave: গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ বাকী দিনকেইটাত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ আহ্বান

উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুযায়ী আগন্তুক দিন কেইটাত তাপমান অধিক বঢ়াৰ আশংকা কৰা হৈছে৷ সৰ্বাধিক ৪২ ডিগ্ৰী পৰ্য্যন্ত সূৰ্যৰ উত্তাপে দহিব অসমক৷

Heat Wave Assam: প্ৰচণ্ড গৰম! গৰমৰ পৰা হাত সাৰিবলৈ খাব পাৰে এবিধ বিশেষ পানীয়

প্ৰচণ্ড গৰম। পৰাপক্ষত জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা বাহিৰলৈ। (Heat Wave)