Breaking

হোজাইত সমূহ শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কছিং প্ৰতিষ্ঠানৰ উপৰিও ছাত্ৰাৱাস বন্ধ ঘোষণা

0 140

অসম ৰাজ্যিক শিক্ষা বিভাগৰ শেহতীয়া অধিসূচনা মৰ্মে আৰু হোজাই জিলাত যোৱা দহটা দিনত কভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা তিনিশৰো অধিক হোৱাত হোজাই জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্তৃপক্ষৰ অধ্যক্ষ ডাঃ সদনেক সিঙৰ এক আদেশ যোগে হোজাই জিলাস্থিত সমূহ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কচিং প্ৰতিষ্ঠানৰ ওপৰিও সকলো ধৰণৰ ছাত্ৰাবাস ২৮ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ অহা ২১ মে লৈকে বন্ধ ঘোষণা কৰিছে ।অৱশ্যে শিক্ষাৰ্থী সকলৰ বাবে অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া অব্যাহত বুলি জনসংযোগ বিভাগে বিবৃতি যোগে জানিবলৈ দিয়ে ।উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ ডা০ সদনেক সিঙে জিলাবাসী ৰাইজক কভিড-১৯ ৰ সকলো চৰকাৰী নীতি নিয়ম সুচাৰুৰূপে মানি চলিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.