Breaking

সদৌ অসম সাংবাদিক মঞ্চ, কেন্দ্ৰীয় সমিতিৰ পূৰ্ণাংগ সমিতি গঠন…

0 57


অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চৰ অষ্টম কাৰ্য নিৰ্বাহক সভা আৰু সতীৰ্থ সন্মিলন অনুষ্ঠান অনুষ্ঠিত হয় । সতীৰ্থ সন্মিলনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক নেত্ৰজিৎ বৰা আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দ্য আছাম ৰাইজিং কাকতৰ নিউজ এডিটৰ অভিজিৎ চলিহাকে ধৰি আন কেইবাজনো অতিথি উপস্থিত থাকি নিজ নিজ ভাষণ আগবঢ়াই । ইপিনে মুকলি সভাৰ শেষত অসমৰ যুৱ সাংবাদিক তথা সদৌ অসম সাংবাদিক মঞ্চৰ উপদেষ্টা নেত্ৰজিৎ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয় কাৰ্য নিৰ্বাহক সভা।

সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে পুৰ্বৰ সভাপতি ছেলিম সেখক নিৰ্বাচিত কৰাৰ বিপৰিতে সাধাৰণ সম্পাদকৰ পদত মহেশ কুমাৰ দাস,কাৰ্যকৰী সভাপতি জাফৰ আলী, প্ৰশাসনিক সাধাৰণ সম্পাদক পদত ওমৰ ফাৰুক সেখ, কোষাধ্যক্ষ পদত আবু ছিদ্দিক আহমেদ আৰু উপ সভাপতি পদত সুৰোজ মাহাতোক নিৰ্বাচিত কৰি ৭০ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভাৰ শেষত সংবাদমেল সম্বোধন কৰে অসমৰ যুৱ সাংবাদিক নেত্ৰজিৎ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতিয়ে সংবাদমেল পাতি ৰাজ্যৰ প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক

এক কালীন সাহায্য, সাংবাদিকসকলৰ ল’ৰা-ছোৱালীৰ বিনামূলীয়া পাঠদান আৰু সাংবাদিকৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সেৱা, ৰাজ্যৰ সকলো সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, যথেমধে সামাজিক মাধ্যমত পেজ খুলি সাংবাদিকতা কৰা সকলক নিয়ন্ত্ৰণ কৰা, অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে পৰ্যাপ্ত পৰিমাণৰ দৰমহা অথবা মাননিৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰা হয় ।

Leave A Reply

Your email address will not be published.